পবিত্ৰ ৰাখীবন্ধনৰ প্ৰাকক্ষণত দেখা গ’ল ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এক অনন্য তথা হৃদয়স্পৰ্শী নিদৰ্শন। ডায়েলাইচিছৰ যন্ত্ৰণাত ছটফটাই থকা ভাতৃৰ কষ্ট সহ্য কৰিব নোৱাৰি নিজৰ এটা বৃক্ক দান কৰি ভাতৃক দিলে এক নতুন জীৱন। গুৰুতৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৪০ বছৰীয়া জিতেন্দ্ৰ সিং নামৰ যুৱকজন। তেনে সময়তে তেওঁৰ ৪৫ বছৰীয়া ভগ্নী বীণা কুমাৰী গাংৱাৰে নিজৰ সোঁফালৰ বৃক্কটো দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

শাৰদাকেয়াৰ-হেল্থচিটী হাস্পতালত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে সম্পন্ন কৰে এই জটিল অস্ত্ৰোপচাৰ। চিকিৎসালয়খনৰ কিডনী ট্ৰান্সপ্লাণ্ট আৰু ইউৰ’লজী বিভাগৰ সঞ্চালক ডাঃ অনিল শৰ্মাৰ নেতৃত্বত এই এবিঅ’-কম্পেটিবল বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন হয়। বিগত দুবছৰ ধৰি সপ্তাহত তিনিবাৰকৈ ডায়েলাইচিছৰ ওপৰত নিৰ্ভৰশীল হৈ থকা জিতেন্দ্ৰৰ শৰীৰিক স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটিছিল। ভগ্নীৰ বৃক্ক সংৰোপণৰ পিছত সম্প্ৰতি দুয়ো সুস্থ হৈ উঠিছে বুলি চিকিৎসকে জানিবলৈ দিছে।

ইফালে, পুনৰ্জীৱন লাভ কৰি আৱেগিক হৈ পৰে ভাতৃ জিতেন্দ্ৰ সিং। তেওঁ উল্লেখ কৰে, “মোৰ ভগ্নী গোটেই জীৱন মোৰ সাহস হৈ আছিল। ৰাখীবন্ধনৰ পবিত্ৰ দিনটোৰ ঠিক আগে আগে বৃক্ক দান কৰি মোক এক নতুন জীৱন দিলে।” আনহাতে ভগ্নী বীণা কুমাৰীয়ে মন্তব্য কৰে, “ভাতৃক ডায়েলাইচিছৰ যন্ত্ৰণাত ভুগি থকা দেখি বৃক্ক দান কৰাটো কোনো ত্যাগ নাছিল, বৰঞ্চ এগৰাকী ভগ্নী হিচাপে মোৰ দায়িত্ব আৰু মৰমৰ প্ৰকাশহে আছিল। এই ৰাখীত তেওঁক সুস্থ জীৱনৰ সুযোগ দিব পৰাটোৱেই মোৰ বাবে আটাইতকৈ ডাঙৰ কথা।” ভাতৃ-ভগ্নীৰ এনে আত্মত্যাগে এতিয়া সকলোৰে অন্তৰ চুই গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *