প্ৰকৃতিৰ সংহাৰী ৰূপে স্তব্ধ কৰি পেলাইছে পাহাৰীয়া ৰাষ্ট্ৰ নেপালৰ স্বাভাৱিক জীৱন-যাত্ৰা। দেশখনৰ ৰচুৱাকে ধৰি মধ্যভাগত বুধবাৰে সংঘটিত আকস্মিক বানত প্ৰাণহানিৰ সংখ্যা শনিবাৰে ৬১৬ জনলৈ বৃদ্ধি পায়। দেশখনৰ আৰক্ষীৰ তথ্য অনুসৰি এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ১,৯২৪ গৰাকী লোক।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আঠখন জিলাৰ পৰা উদ্ধাৰ কৰে এই মৃতদেহসমূহ। চিতৱান জিলাতেই সৰ্বাধিক ২৩৩টা মৃতদেহ পোৱাৰ বিপৰীতে নাৱালপৰাসী ইষ্টৰ পৰা ১৫৮টা, নুৱাকোটৰ পৰা ৫১টা, গোৰ্খাৰ পৰা ৪৮টা, নাৱালপৰাসী ৱেষ্টৰ পৰা ৪৭টা, ধাডিঙৰ পৰা ৪৫টা, তানাহুৰ পৰা ৩১টা আৰু ৰচুৱাৰ পৰা ১৩টা মৃতদেহ উদ্ধাৰ হয়। বিধ্বংসী এই দুৰ্যোগৰ ফলত বাসস্থান, পথ, দলং তথা জলবিদ্যুৎ প্ৰকল্পৰ বিস্তৰ ক্ষতিসাধন হৈছে।

ইফালে, এই পৰিস্থিতিৰ মাজত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰকাৰী দলে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে প্ৰায় ২,৫০০ আৱদ্ধ ব্যক্তিক। এনে সংকটৰ সময়ছোৱাত ভাৰতেও আগবঢ়াইছে মানৱীয় সাহায্য। শনিবাৰে ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে প্ৰেৰণ কৰা হয় ১০ টন অত্যাৱশ্যকীয় খাদ্য আৰু ঔষধ।

ইয়াৰ সমান্তৰালকৈ নেপাল চৰকাৰৰ অনুৰোধত চিকিৎসা কৰ্মী আৰু সুৰংগ উদ্ধাৰ বিশেষজ্ঞৰে গঠিত ভাৰতৰ এটি ১১ জনীয়া দলে দুৰ্যোগপীড়িত অঞ্চলত সহযোগ আগবঢ়াইছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতায়াত পুনৰ সচল কৰাৰ উদ্দেশ্যে ৪২ খন বেইলি দলং নিৰ্মাণৰ বাবেও ভাৰত আৰু চীনৰ সাহায্য বিচাৰিছে নেপালে।

Leave a Reply

Your email address will not be published. Required fields are marked *