চিগমা এডভান্সড চিষ্টেমছে শেহতীয়াকৈ অধিগ্ৰহণ কৰা ব্ৰিটেইনৰ লেষ্টাৰত অৱস্থিত সহযোগী প্ৰতিষ্ঠান ব্ৰমফৰ্ড প্ৰেচিজন ছল্যুচনছৰ জৰিয়তে ৰ’লছ-ৰয়েচৰ সৈতে নতুনকৈ এক দীৰ্ঘম্যাদী চুক্তি সম্পাদন কৰিছে। এই চুক্তিয়ে অধিগ্ৰহণৰ তাৎক্ষণিক কৌশলগত মূল্য প্ৰদৰ্শন কৰাৰ লগতে বিশ্বৰ অন্যতম আগশাৰীৰ এৰ’স্পেচ প্ৰতিষ্ঠানটোৰ সৈতে গ্ৰুপৰ দীৰ্ঘদিনীয়া সম্পৰ্কক অধিক সম্প্ৰসাৰিত কৰিছে। প্ৰায় ১২৫ মিলিয়ন পাউণ্ড (প্ৰায় ১,৬০০ কোটি টকা) মূল্যৰ এই চুক্তিয়ে শেহতীয়াকৈ স্বাক্ষৰিত হোৱা প্ৰায় ৩০০ মিলিয়ন পাউণ্ড(প্ৰায় ৩,৮০০ কোটি টকা)ৰ ৰ’লছ-ৰয়েচ দীৰ্ঘম্যাদী চুক্তিক প্ৰত্যক্ষভাৱে আগুৱাই নিব। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ এৰ’স্পেচ পদক্ষেপসমূহত গ্ৰুপটোৰ সামগ্ৰী যোগান, উৎপাদন সামৰ্থ্য আৰু অংশগ্ৰহণ বৃদ্ধি পাব। এই চুক্তিসমূহে ৰ’লছ-ৰয়েচৰ ব্ৰিটেইনৰ যোগান শৃংখলাত চিগমাৰ অৱস্থানক লক্ষণীয়ভাৱে শক্তিশালী কৰাৰ লগতে দীৰ্ঘম্যাদী উপাৰ্জনৰ পথ সুনিশ্চিত কৰিছে। ব্ৰমফৰ্ড অধিগ্ৰহণৰ ফলত এৰ’ ইঞ্জিন ৰিং, কেচিং আৰু উন্নত নিখুঁত উৎপাদন খণ্ডত চিগমাৰ সামৰ্থ্য বৃদ্ধি পাব, যাৰ ফলত কোম্পানীটোৱে জটিল ইঞ্জিন উপাদানসমূহৰ এক বৃহৎ পৰ্টফলিঅ’ যোগান ধৰিবলৈ সক্ষম হ’ব।

এই চুক্তিৰ অধীনত, ৰ’লছ-ৰয়েচৰ নিৰ্দেশনা অনুসৰি এক বৈশ্বিক ডুৱেল-চ’ৰ্চ সেৱা গঢ়ি তুলিবলৈ ব্ৰমফৰ্ডে চিগমাৰ ভাৰত আৰু ব্ৰিটেইনৰ উৎপাদন কেন্দ্ৰসমূহত এৰ’ইঞ্জিন ৰিং, কেচিং, লক প্লেট আৰু অন্যান্য গুৰুত্বপূৰ্ণ ইঞ্জিনৰ গাঁথনি নিৰ্মাণ কৰিব।

এই চুক্তিয়ে চিগমাৰ দ্বাৰা ব্ৰমফৰ্ড অধিগ্ৰহণৰ অন্তৰালত থকা কৌশলগত কাৰণ-দিশটোক প্ৰতিফলিত কৰিছে। বিশেষ উৎপাদন দক্ষতা আৰু দীৰ্ঘদিনীয়া অ’ইএম অনুমোদনৰ জৰিয়তে ব্ৰমফৰ্ডে তাৎক্ষণিকভাৱে বিদ্যমান গ্ৰাহকসকলৰ সৈতে চিগমাৰ ব্যৱসায়িক সুযোগ বৃদ্ধি কৰিছে। ইয়াৰ লগতে গ্ৰুপটোক উচ্চ মূল্যৰ প্ৰ’গ্ৰেম-লেভেল এৰ’স্পেচ অংশীদাৰিত্বৰ দিশে অগ্ৰসৰ হোৱাত সহায় কৰিছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই চুক্তিয়ে গ্ৰুপটোৰ ভিতৰত ব্ৰিটেইনৰ এটা গুৰুত্বপূৰ্ণ উৎপাদন কেন্দ্ৰ হিচাপে ব্ৰমফৰ্ডৰ দীৰ্ঘম্যাদী ভৱিষ্যত সুৰক্ষিত কৰিছে। ইয়াৰ ফলত দক্ষ ইঞ্জিনিয়াৰিং আৰু মেনুফেকচাৰিং চাকৰিসমূহ সুৰক্ষিত হোৱাৰ লগতে ব্ৰিটেইনৰ এৰ’স্পেচ উৎপাদন খণ্ডৰ ভেটি অধিক মজবুত হ’ব।

চিগমা এডভান্সড চিষ্টেমছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু কাৰ্যবাহী সঞ্চালক সুনীল কালিদিণ্ডিয়ে এই সন্দৰ্ভত কয় যে: “এই চুক্তিয়ে ভাৰতৰ প্ৰেচিজন ইঞ্জিনিয়াৰিং আৰু ডিফেন্স-এৰ’স্পেচ উৎপাদন খণ্ড কিমান দূৰ আগবাঢ়িছে বা ভৱিষ্যতাৰ সম্ভাৱনাৰ এক শক্তিশালী প্ৰমাণ দাঙি ধৰিছে। ৰ’লছ-ৰয়েচৰ দৰে বৈশ্বিক অ’ইএমসমূহে এতিয়া ভাৰতক কেৱল কম খৰচৰ বাবেই নহয়, বৰঞ্চ ইঞ্জিনিয়াৰিং গভীৰতা, গুণগত মানদণ্ড আৰু পৰিমাপৰ বাবেও অগ্ৰাধিকাৰ দিছে। ব্ৰমফৰ্ডৰ ব্ৰিটেইনৰ বিশেষ সামৰ্থ্যক আমাৰ ভাৰতৰ সংহত উৎপাদন নেটৱৰ্কৰ সৈতে একত্ৰিত কৰি আমি এটা প্ৰকৃত গোলকীয় ডুৱেল-চ’ৰ্চ সমাধান আগবঢ়াবলৈ সক্ষম হৈছোঁ। ভাৰতৰ বৰ্ধিত এৰ’স্পেচ আৰু ডিফেন্স উৎপাদন ব্যৱস্থা এনেধৰণৰ উচ্চ মূল্যৰ, দীৰ্ঘম্যাদী কাৰ্যসূচীৰ অংশগ্ৰহণৰ বাবেই গঢ়ি তোলা হৈছে আৰু এটা এটাকৈ দীৰ্ঘম্যাদী অংশীদাৰিত্ব গঢ়ি তুলিব পৰা বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ।” নেছমিথ আৰু ব্ৰমফৰ্ডে এতিয়া চিগমাৰ ব্ৰিটেইনৰ এৰ’স্পেচ প্লেটফৰ্মৰ ভিতৰত পৰিপূৰক ব্যৱসায় হিচাপে কাম কৰি থকাৰ লগে লগে গ্ৰুপটোৱে লক্ষ্যভিত্তিক অধিগ্ৰহণৰ জৰিয়তে নিজৰ পৰিসৰ বৃদ্ধি কৰাৰ ৰণনীতি অব্যাহত ৰাখিছে। ইয়াৰ ফলত গ্ৰাহকৰ সৈতে সম্পৰ্ক গভীৰ হ’ব, কাৰিকৰী ক্ষমতা বৃদ্ধি পাব আৰু উচ্চ মূল্যৰ দীৰ্ঘম্যাদী এৰ’স্পেচ কাৰ্যসূচীত অংশগ্ৰহণ বৃদ্ধি পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *