ছবিআই জেনেৰেল ইঞ্চুৰেন্সে দ্য অক্ষয় পাত্ৰ ফাউণ্ডেচন আৰু অয়াং ট্ৰাষ্টৰ সহযোগত বান সাহায্য আৰু উদ্ধাৰ অভিযান হাতত লৈছে। এই পদক্ষেপৰ অধীনত বানপীড়িত পৰিয়ালসমূহক গৰম আহাৰ আৰু অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী যোগান ধৰা হৈছে। দ্য অক্ষয় পাত্ৰ ফাউণ্ডেচনে যোৰহাট জিলাত সতেজ, স্বাস্থ্যকৰ আৰু পুষ্টিকৰ গৰম আহাৰ বিতৰণৰ সুবিধা কৰি দিছে। ইয়াৰ জৰিয়তে বানপীড়িত পৰিয়ালসমূহক, বিশেষকৈ শিশু, মহিলা, বৃদ্ধ তথা কৃষক আৰু দিনহাজিৰা কৰা শ্ৰমিকৰ দৰে দুৰ্বল শ্ৰেণীৰ লোকসকলক তাৎক্ষণিক খাদ্য সাহায্য প্ৰদান কৰিছে।

আনহাতে, অয়াং ট্ৰাষ্টৰ সহযোগত এছবিআই জেনেৰেল ইঞ্চুৰেন্সে যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ১,০০০টা পৰিয়ালক সাহায্য কিট বিতৰণত সহায় কৰিছে। এই বিতৰণ প্ৰক্ৰিয়াত যোৰহাটৰ ৩০০টা পৰিয়াল, শিৱসাগৰৰ ৪০০টা পৰিয়াল আৰু চৰাইদেউৰ ৩০০টা পৰিয়ালক সামৰি লোৱা হ’ব, যাৰ জৰিয়তে প্ৰায় ৪,০০০ লোক উপকৃত হ’ব। জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি প্ৰস্তুত কৰা এই কিটসমূহত বিচনাৰ চাদৰ, কম্বল, মগৰ সৈতে বাল্টি, চেনিটাৰী পেড আৰু অত্যাৱশ্যকীয় বাচন-বৰ্তন প্ৰদান কৰা হৈছিল। বানপীড়িত পৰিয়ালসমূহে জীৱিকা, ঘৰুৱা প্ৰয়োজন আৰু মৌলিক প্ৰয়োজনীয়তাসমূহ লাভ কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱাৰ সময়ছোৱাত এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সন্মিলিত খাদ্য আৰু সাহায্য সমৰ্থনে পৰিয়ালসমূহক তাৎক্ষণিক সহায় আগবঢ়াব পাৰে আৰু জিলাখনত বানপানীৰ বাবে সৃষ্টি হোৱা কিছু অৰ্থনৈতিক আৰু সামাজিক চাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ এমডি আৰু চিইঅ’ নবীন চন্দ্ৰ ঝাই কয় যে, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমাজখনক সমৰ্থন কৰা আৰু প্ৰভাৱিত পৰিয়ালসমূহক অত্যাৱশ্যকীয় খাদ্য তথা সামগ্ৰী লাভ কৰাত সহায় কৰাটো প্ৰতিষ্ঠানটোৰ এটা নৈতিক দায়িত্ব। বানপানী সম্পৰ্কীয় পলিচী ক্লেইম প্ৰক্ৰিয়াৰ সহায়ৰ বাবে গ্ৰাহকসকলে মটৰ বাহনৰ ক্লেইমৰ বাবে প্রীতম দে’ক 7002653893 নম্বৰত আৰু সম্পদৰ ক্লেইমৰ বাবে ৰাজীৱ সাহাক 9073946049 নম্বৰত যোগাযোগ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *