প্ৰদূষণৰ ভয়াৱহতা প্ৰতি বছৰে দিল্লীৰ এক পৰিচিত দৃশ্য এয়া। অনেক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও প্ৰদূষণৰ পৰা মুক্ত হ’ব পৰা নাই দিল্লী। এইবাৰ দিল্লীত প্ৰদূষণ হ্ৰাস কৰাৰ শেষ আশা হৈছে কৃত্ৰিম বৰষুণ। পিছে এই কৃত্ৰিম বৰষুণ কিদৰে নমোৱা হ’ব দিল্লীত?যদি পৰিৱেশ অনুকূল হয়, তেতিয়া অহা ২৯ অক্টোবৰ বৃহস্পতিবাৰে দিল্লীত কৃত্ৰিম বৰষুণ কৰা হ’ব। এই কৃত্ৰিম বৰষুণৰ বাবে আকাশত ডাৱৰৰ প্ৰয়োজন হয়। অহা ২৮, ২৯ আৰু ৩০ অক্টোবৰত দিল্লীৰ আকাশত ডাৱৰ পৰিব বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। সেই তথ্যৰ ভিত্তিত দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণ কৰাৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰত দায়িত্ব দিয়া হৈছে আই আই টি কানপুৰক।দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই উল্লেখ কৰা মতে, বৈজ্ঞানিক পদ্ধতিৰে কৃত্ৰিম বৰষুণ সৃষ্টি কৰাৰ বাবে ৩.২১ কোটি টকা খৰচ কৰা হ’ব। আই আই টি কানপুৰৰ পৰা প্ৰেৰণ কৰা এখন বিশেষ বিমান উত্তৰ-পশ্চিম দিল্লী আৰু দিল্লীৰ আশে-পাশে থকা অঞ্চলৰ ওপৰেৰে উৰা মাৰিব। ইয়াৰ বাবে ডাৱৰত জলীয় বাষ্প যোগ হৈ বৰষুণৰ সৃষ্টি হ’ব। Share this:FacebookX Related Post navigation বীৰ লাচিত সেনাৰ বিৰুদ্ধে উঠিছে এক বৃহৎ অপৰাধৰ অভিযোগ অমৃতাৰ মিজোৰাম এছটিআই হাব মুকলিয়ে ষ্টাৰ্টআপ উদ্ভাৱন আৰু জনজাতীয় উদ্যোগীকৰণক ত্বৰান্বিত কৰে