অৰুণাচল প্ৰদেশত এন এইচ পি চিয়ে নিৰ্মান কৰিব খোজা প্ৰস্তাৱিত ১১ হেজাৰ মেগাৱাটৰ বহুমুখী নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰিছে অৰুণাচলী লোকসকলে ৷ প্ৰস্তাৱিত প্ৰকল্প থলীৰ সমীপৰ আপাৰ চিয়াং জিলাৰ কমকাৰ গাঁৱৰ উগেং ত বান্ধ নিৰ্মানৰ সুৰক্ষাৰ দায়িত্বত থকা চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে। আৰক্ষী আৰু চি আৰ পি এফে প্ৰতিবাদকাৰী সকলক ছত্ৰভঙ্গ দিয়াবলৈ কন্দুৱা গেছও নিক্ষেপ কৰিছে ৷ফলত আৰক্ষী,চিআৰ পি এফ আৰু অৰুণাচলীসকলৰ লোকসকলৰ মাজত হতাহতি হৈছে ৷গাঁওবাসীয়ে সুৰক্ষাবাহিনী নিয়োগৰ তীব্ৰ বিৰোধিতা কৰি কয় যে প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হ’বলগীয়া সম্প্ৰদায়সমূহে প্ৰস্তাৱিত বান্ধ প্ৰকল্পটোৰ বাবে কোনো সন্মতি প্ৰদান কৰা নাই বুলিও তেওঁলোকে সকিয়াই দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *