যোৰহাটত দুদিনীয়া জিলা আয়ুক্তৰ সন্মিলনৰ সফল সামৰণি। ১৫টা বিভাগক লৈ ২৭ ঘণ্টাতকৈও অধিক সময় ধৰি বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আলোচনাত ৮৫খনতকৈও অধিক ফাইলত স্বাক্ষৰেৰে জনালে অনুমোদন। লগতে বিশিষ্ট ব্যক্তিসকললৈ প্ৰেৰণ কৰিবলগীয়া ৩৪ টোকা আৰু পত্ৰৰ কামো সম্পন্ন মুখ্যমন্ত্ৰীৰ। প্ৰতিগৰাকী জিলা আয়ুক্তই নিজৰ জিলাৰ সংশ্লিষ্ট বিভাগসমূহৰ সৈতে বৈঠক কৰি সুনিশ্চিত কৰিব লাগিব যে, প্ৰতিটো নিৰ্দেশনা কোনো পলম নোহোৱাকৈ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকললৈ গৈ পায় আৰু কাৰ্যক্ষেত্ৰত বাস্তৱায়িত হয় সেই নিৰ্দেশনাসমূহ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *