ৰাজপথত দাউদাউকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ! বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰম জিলাত পুৱা সংঘটিত এই মৰ্মান্তিক ঘটনাত ১৩ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন প্ৰায় ২২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, এখন ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বাছ আৰু টিপাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ পাছতে দাউদাউকৈ জ্বলি উঠে বাছখন।

পুৱা প্ৰায় ৫:৩০ বজাত ৰায়ভৰম গাঁৱৰ সমীপত তেলেংগানাৰ জাগতিয়ালৰ পৰা নেল্লোৰ অভিমুখে গৈ থকা বাছখনে বিপৰীত দিশৰ পৰা অহা এখন চিপ্‌চ ভৰ্তি ডাম্পাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। সংঘৰ্ষৰ ফলত ডাম্পাৰখনৰ ইন্ধন টেংকীত ফাঁট মেলি তীব্ৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইৰ লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে সমগ্ৰ বাছখন আগুৰি ধৰাত যাত্ৰীসকলে ওলাই অহাৰ সুযোগেই নাপালে।

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী অধীক্ষক ভি হৰ্ষবৰ্ধন ৰাজুৰ মতে, বাছখন ভুল দিশেৰে যোৱাৰ ফলতেই এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়। জুই ইমানেই ভয়াবহ আছিল যে যাত্ৰীসকলৰ মৃতদেহ চিনাক্ত কৰিব নোৱাৰাকৈ জ্বলি ছাঁই হৈ যায়। দুৰ্ঘটনাটোৰ সময়ত বাছখনত আছিল মুঠ ৪১ গৰাকী যাত্ৰী।

এই মৰ্মান্তিক ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *