প্ৰাণঘাতী ব্যাধিৰ সৈতে চলোৱা সুদীৰ্ঘ সংগ্ৰামেও স্তব্ধ কৰিব নোৱাৰিলে এগৰাকী কিশোৰীৰ শৈক্ষিক যাত্ৰা। পশ্চিমবংগৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত এক বিৰল কৃতিত্ব অৰ্জন কৰি এতিয়া সকলোৰে বাবে অনুপ্ৰেৰণা হৈ পৰিছে আদ্ৰিজা গান। বৃহস্পতিবাৰে ঘোষিত ফলাফলত ৪8৭ নম্বৰ লাভ কৰি মেধা তালিকাৰ দশম স্থান দখল কৰে উত্তৰ ২৪ পৰগনাৰ নিমতাৰ এইগৰাকী ছাত্ৰীয়ে। ২০১৮ চনত ষষ্ঠ শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ সময়তে আদ্ৰিজাৰ দেহত ধৰা পৰিছিল ‘টি-চেল লিম্ফ’মা’ নামৰ এক বিৰল কেন্সাৰ। বাঘবজাৰৰ ৰামকৃষ্ণ সাৰদা মিছন চিষ্টাৰ নিবেদিতা গাৰ্লছ স্কুলৰ এই ছাত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত মুঠ ৮২ বাৰ কেম’থেৰাপী ল’বলগীয়া হৈছিল। শাৰীৰিক যন্ত্ৰণা আৰু অনিশ্চয়তাৰ মাজতো আদ্ৰিজাই কেতিয়াও কিতাপৰ পৰা আঁতৰি অহা নাছিল বুলি জানিবলৈ দিয়ে তেওঁৰ পিতৃ জয়মংগল গানে। মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতাল আৰু কলকাতাৰ টাটা কেন্সাৰ হাস্পতালত সুদীৰ্ঘ চিকিৎসাৰ পাছত ২০২১ চনত তেওঁ সুস্থ হৈ উঠে। অৱশ্যে এতিয়াও প্ৰতিবছৰে তেওঁ মুম্বাই আৰু কলকাতাত নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাব লগা হয়। কলা শাখাৰ ছাত্ৰী আদ্ৰিজাই ভূগোল, অৰ্থনীতি, কম্পিউটাৰ এপ্লিকেচন আৰু মনোবিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ এই ঈৰ্ষণীয় ফলাফল প্ৰদৰ্শন কৰে। জীৱনৰ কঠিন সময়ত আদ্ৰিজাৰ পিতৃ-মাতৃয়েই আছিল তেওঁৰ মূল শক্তি। মুম্বাইত চিকিৎসা চলি থকাৰ সময়ত মাতৃ জ্যোতি গানে চাকৰিৰ পৰা ছুটী লৈ আদ্ৰিজাৰ কাষত ছাঁৰ দৰে আছিল। আদ্ৰিজাৰ এই যুদ্ধ কেৱল কেন্সাৰৰ বিৰুদ্ধেই নাছিল, বৰঞ্চ নিজৰ সপোনক জীয়াই ৰখাৰ বাবেও আছিল বুলি গৌৰৱেৰে উল্লেখ কৰে তেওঁৰ পিতৃয়ে। ভৱিষ্যতে বেথুন কলেজত মনোবিজ্ঞান অধ্যয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আদ্ৰিজাই। বিশেষকৈ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰি হতাশাগ্ৰস্ত লোকক সহায় কৰিবলৈ তেওঁ লক্ষ্য স্থিৰ কৰিছে। অধ্যয়নৰ উপৰিও গান গাই আৰু শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ সাহিত্য পঢ়ি ভাল পোৱা আদ্ৰিজাই কয় যে জীৱনৰ যিকোনো কঠিন পৰিস্থিতিত প্ৰচেষ্টা অব্যাহত ৰখাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। Share this:FacebookX Related Post navigation তৰমুজ খোৱাৰ পিছতেই অসুস্থ ৯জন, উত্তৰ প্ৰদেশত খাদ্য বিষক্ৰিয়াক লৈ হুৱাদুৱা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ: গ্ৰীচ আৰু ইজৰাইলৰ সমৰ্থন