নিচান মটৰ ইণ্ডিয়াই নতুন নিচান মেগনাইট বিআৰ১০ ইজেড-শ্বিফ্ট(এএমটি)ৰ বাবে চৰকাৰী অনুমোদিত চিএনজি ৰেট্ৰ’ফিটমেণ্ট মুকলি কৰি নিজৰ চিএনজি ৰেট্ৰ’ফিটমেণ্ট কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে।  এই বছৰৰ আৰম্ভণিতে নতুন নিচান মেগনাইট বিআৰ১০ মেনুৱেল ট্ৰেন্সমিচনৰ বাবে আৰম্ভ কৰা ৰেট্ৰ’ফিটমেণ্ট কাৰ্যসূচীৰ প্ৰতি শক্তিশালী গ্ৰাহকৰ সঁহাৰিৰ পিছত এই শেহতীয়া বিকাশে নিচা থনৰ সুলভ, দক্ষ আৰু গ্ৰাহক-কেন্দ্ৰিক গতিশীলতা সমাধানৰ প্ৰতি থকা দায়বদ্ধতাত আন এক মাইলৰ খুঁটি চিহ্নিত কৰিছে।  বিআৰ১০ ই. জেড-শ্বিফ্ট (এএমটি) প্ৰকাৰৰ প্ৰমাণপত্ৰই এতিয়া গ্ৰাহকৰ এক বিস্তৃত ছেটক চিএনজি-ৰ ব্যয়-দক্ষতাৰ সৈতে নিচানৰ বিশ্বস্ত প্ৰদৰ্শনক একত্ৰিত কৰি কাৰখানা-অনুমোদিত, উচ্চ মানদণ্ডৰ ৰেট্ৰ’ফিট সমাধান বাছনি কৰিবলৈ সক্ষম কৰে।

গ্ৰাহকৰ সঁহাৰি, মতামত আৰু বিশ্বব্যাপী সৰ্বশ্ৰেষ্ঠ অনুশীলন-প্ৰয়োগৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানটোৱে এক পুনৰ-অভিযান্ত্ৰিক ইন্ধন প্ৰণালীও মুকলি কৰিছে।  চিএনজি ৰেট্ৰ’ফিটেড নতুন নিচান মেগনাইটে ৩ বছৰ বা ১ লাখ কিলোমিটাৰ ৱাৰেণ্টিৰ সৈতে যোগান ধৰিব। নিজৰ মূল্যৰ অফাৰ অধিক শক্তিশালী কৰি নিচানে শেহতীয়াকৈ জিএছটিৰ হাৰ ২৮% ৰ পৰা ১৮%লৈ হ্ৰাস কৰাৰ পিছত চিএনজি ৰেট্ৰ’ফিটমেণ্ট কিটৰ দাম ৭১,৯৯৯/- টকা ধাৰ্য কৰিছিল। ২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ভাৰতৰ সকলো অনুমোদিত নিচান চিএনজি ৰিট্ৰ’ফিটমেণ্ট কেন্দ্ৰত এই মূল্য কাৰ্যকৰী হৈছে। আপগ্ৰেড হোৱাৰ পিছতো মূল্যৰ সলনি হোৱা নাই।  এই ঘোষণাৰ বিষয়ে সদৰি কৰি নিচান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বত্সই কয় যে, “নতুন নিচান মেগনাইট বিআৰ১০ ইজেড-শ্বিফ্ট (এএমটি)লৈ ৰেট্ৰ’ফিটমেণ্ট প্ৰগ্ৰেমৰ সম্প্ৰসাৰণৰ সৈতে আমি আমাৰ চিএনজি যাত্ৰাৰ দিশত আৰু এটা পদক্ষেপ ল’বলৈ পাই আনন্দিত হৈছোঁ।

এই বছৰৰ আৰম্ভণিতে নিচান চিএনজি ৰিট্ৰ ‘ফিটমেণ্ট কাৰ্যসূচী প্ৰথমতে ৭খন ৰাজ্য-দিল্লী-এনচিআৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা আৰু কৰ্ণাটকত আৰম্ভ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত আৰু ৬খন ৰাজ্য-ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়, আৰু তামিলনাডুলৈ সম্প্ৰসাৰিত কৰা হৈছিল, বৰ্তমান সমগ্ৰ ভাৰতৰ ১৩খন ৰাজ্যলৈ মুঠ আৱৰণ বৃদ্ধি পাইছে। নতুন নিচান মেগনাইট বি-এছইউভিৰ বলিষ্ঠ আৰু আড়ম্বৰপূৰ্ণ ডিজাইন আৰু পথৰ উপস্থিতি ২০তকৈও অধিক প্ৰথম আৰু শ্ৰেষ্ঠ খণ্ডৰ বৈশিষ্ট্য আৰু ৫৫+ সুৰক্ষা বৈশিষ্ট্যই ইয়াক সংপৃক্ত এছইউভি খণ্ডত এক উৎকৃষ্ট পছন্দ হিচাপে গঢ়ি তোলে।  অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি www.nissan.in চাওক।

Leave a Reply

Your email address will not be published. Required fields are marked *