এই দীপাৱলীত গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ ব্ৰেণ্ড-নিৰপেক্ষ মালিকানাধীন মিডিয়া প্ৰপাৰ্টি গড্ৰেজ লা’ফেয়াৰে ‘কান্তা দিদি’ৰ জৰিয়তে #CelebratingAcceptance অভিযান অব্যাহত ৰাখিছে; এইখন এখন প্ৰচাৰ ছবি, যিয়ে দৈনন্দিন আমাৰ সমাজ জীৱনত চলি থকা ষ্টেৰিঅ’টাইপসমূহক প্ৰত্যাহ্বান জনায় আৰু আজিৰ পৃথিৱীত স্বীকৃতিৰ সংজ্ঞাটোৱে কেনে ৰূপ ল’ব পাৰে সেই দিশটোক ন ৰূপত সংজ্ঞায়িত কৰিছেৰে। কিয়নো স্বীকৃতি সচেতনতাৰ এক বিশেষাধিকাৰ নহয়; ই মানৱতাৰ এক অনুশীলন। এখন চিনাকি ঘৰৰ আৱৰীয়া দেৱালৰ ভিতৰত স্থান-কাল ৰাখি প্ৰস্তুত কৰা এই কাহিনীটো এগৰাকী গৃহকৰ্মী আৰু এহাল সমকামী দম্পতীৰ মাজত কথাৰ বিনিময় হয়, য’ত উপস্থাপন কৰা হৈছে যে কেনেদৰে বুজাবুজি আদৰ্শৰ পৰা নহয়, বৰং সহজ-সৰল প্ৰবৃত্তিৰ পৰাহে ওলাই আহিব পাৰে। যি এটা অসহজ মুহূর্তৰ পৰা আৰম্ভ হয় সেইটোৱে এটা অকল্পনীয় বুজাবুজি আৰু স্বীকৃতিৰ কাহিনীলৈ ৰূপান্তৰিত হয়।

কাহিনীটো কান্তা দিদিক কেন্দ্ৰ কৰি আগবাঢ়িছে, যিগৰাকী ঘৰৰ বনকৰা মহিলাই কাম কৰি থকাৰ সময়তে প্ৰথমবাৰৰ বাবে এহাল সমকামী দম্পতীৰ সন্মুখীন হয়। কান্তা দিদিয়ে কপিলৰ সৈতে কথা-বতৰা পাতে, যি নতুনকৈ চুবুৰীলৈ অহা বাবে গৃহকৰ্মী বিচাৰি থকাৰ সময়ত কিছু পৰিমাণে অসহজ অনুভৱ কৰিছিল। কপিলে নিজৰ পৰিচয়ৰ বিষয়ে খোলাখুলিকৈ কৈ দিয়াৰ পিছত আমি এটা সৰল বিনিময়ৰ সাক্ষী হওঁ। কান্তা দিদিৰ স্বীকৃতিৰ সৰল কথাষাৰে কপিলৰ আত্মবিশ্বাসক উদ্বুদ্ধ কৰি তুলিছিল, ‘আচ্ছা, বয়ফ্ৰেণ্ড হ্যে?’ তেন্তে ‘মেৰেকো ক্যা?’। কান্তাৰ কথাবোৰে অগ্ৰাধিকাৰৰ এক সৰল দৰ্শন প্ৰতিফলিত কৰে: জীয়াই থকা আৰু জীয়াই থকাৰ সুযোগ দিলে। এই বিনিময়ে ভাৰতৰ দৈনন্দিন জীৱনক আটাইতকৈ নিভাঁজ ৰূপত ধৰি ৰাখে, য’ত পৰিৱৰ্তন ডাঙৰ আচৰণৰ জৰিয়তে নহয়, বৰং মানৱীয় সংযোগৰ সৰু সৰু আন্তৰিক মুহূর্তৰ জৰিয়তে আহে।

আমি আগৰ দীপাৱলীৰ প্ৰচাৰ ছবিসমূহৰ জৰিয়তে আৰম্ভ কৰা #CelebratingAcceptance সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কথোপকথনটো ছবিখনে অব্যাহত ৰাখিছে। এজেন্সী ০৯-ৰ আৰ্হিৰে প্ৰস্তুত কৰা ছবিখনে দৰ্শকক এই অনুভূতিৰে এৰি দিয়ে যে এই দীপাৱলী প্ৰেমৰ মহামিলন, সচেতনতাৰ জৰিয়তে সমৃদ্ধ হ’ব পাৰে। এই অভিযানৰ বিষয়ে সদৰি কৰি গড্ৰেজ ডিইআই লেবৰ মুৰব্বী পৰমেশ শাহানীয়ে কয় যে, “#CelebratingAcceptance প্ৰচাৰ ছবিখনত নীৰৱ, দৈনন্দিন ৰূপান্তৰক ধুনীয়াকৈ প্ৰতিফলিত কৰা হৈছে আৰু এই সত্যক উদযাপন কৰিছে যে আমি সকলোৱে, ভাৰতীয় হিচাপে আৰু মানুহ হিচাপে, যিমানখিনি বিভক্ত, তাতকৈ বেছি কথাত আমি একেধৰণৰে।” এই বিষয়ে অধিক সংযোজন কৰি অনলীএনইণ্ডিয়া পৰিচালক ৰাজ ৰেহমান আলীয়ে কয় যে, “কান্তা বাইক মোৰ কাৰণে আকৰ্ষণীয় কৰি তুলিছিল ইয়াৰ সৰলতাই, যিয়ে শিকাবলৈ চেষ্টা নকৰে, কেৱল লক্ষ্য কৰে। ছবিখনে ডাঙৰ মুহূৰ্ত বা ঘোষণাৰ ওপৰত নিৰ্ভৰ নকৰে; ইয়াৰ শক্তি এটা সৰল বিনিময়ৰ সত্যতাৰ মাজত নিহিত হৈ আছে।”

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য ব্ৰেণ্ড বিষয়া তানিয়া দুবাছে কয় যে, “গড্ৰেজ লা’ফেয়াৰত আমি আমাৰ #CelebratingAcceptance শৃংখলাৰ জৰিয়তে অন্তৰ্ভুক্তিৰ বিষয়ে অৰ্থপূৰ্ণ কথোপকথনৰ সূচনা কৰিবলৈ সদায় গল্পকথন প্ৰচাৰ কৰি আহিছো। যোৱা তিনি বছৰত এই প্ৰচাৰ ছবিসমূহে দৈনন্দিন জীৱনত গ্ৰহণযোগ্যতাই কেনেদৰে অভিব্যক্তি লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ‘কান্তা দিদি’ৰ সৈতে আমি আলোচনা অব্যাহত ৰাখিছোঁ, এই কথা দেখুৱাবলৈ যে প্ৰকৃত প্ৰগতি তেতিয়াই হয় যেতিয়া গ্ৰহণযোগ্যতা আৰু অন্তৰ্ভুক্তি কেৱল দ্বিতীয় প্ৰকৃতিৰ হৈ পৰে। “

Leave a Reply

Your email address will not be published. Required fields are marked *