অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ। ৰাজ্যৰ জনতাই ৰন্ধন গেছৰ বিচাৰি ঘন্টাৰ ওপৰত ঘন্টা শাৰী পাতিবলগীয়া হোৱা সময়তে আকৌ ভূতৰ ওপৰত দানহ পৰাদি পেট্ৰ’ল-ডিজেলৰ নাটনিয়ে দেখা দিছে অসমত।প্ৰায় প্ৰতিটো পেট্ৰ’ল পাম্পতে তেলৰ নাটনিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। পুৱাৰ পৰা নিশালৈ পে’ট্ৰল পাম্পত জনতাই পাতিছে দীঘলীয়া শাৰী।এইখিনিতে উল্লেখ কৰিব লাগিব যে- এই সমূহ দৃশ্যই প্ৰমাণ কৰিছে মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ বিপৰীত ছবি। যাৰ বাবে আশংকাত ভুগিছে এতিয়া ৰাজ্যবাসী।মুখ্যমন্ত্ৰীয়ে আশ্বাস ঠিকেই দিছে , কিন্তু এই দৃশ্যসমূহ দেখাৰ পাছত সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন সচাঁকৈ নাটনি হ’ব নেকি পেট্ৰ’ল-ডিজেল। Share this:FacebookX Related Post navigation কাজিৰঙাত ভয়ংকৰ ঘটনা চেটক স্ক্ৰীন এৱাৰ্ডছ ২০২৬: ক’ত চাবলৈ পাব, কোন কোন হৈছে মনোনীত — ধুৰন্ধৰে সৰ্বাধিক ২৪টা বঁটাৰ বাবে লাভ কৰিছে মনোনয়ন