ছামছুদ্দিন আহমেদলৈ আজান পীৰ বঁটা, মাণিক বৰবায়ন আৰু মধুসূদন দাসলৈ বিষ্ণু ৰাভা বঁটা আৰু গীতা উপাধ্যায়লৈ সতী সাধনী বঁটা আগবঢ়োৱা হ’ব ৷অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা৷ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু প্ৰাচ্যভিত্তিক কাৰ্য নীতি বিভাগৰ মন্ত্রী বিমল বড়াই বুধবাৰে জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক সংবাদমেল সম্বোধন কৰি অসম চৰকাৰে আগবঢ়োৱা কেইটামান বঁটাৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰে ।এই বঁটাসমূহ হৈছে ক্ৰমে – প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা আজান পীৰ ৰাষ্ট্ৰীয় বঁটা, একে সময়ৰ ব্যৱধানত প্ৰদান কৰা ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা আৰু বাৰ্ষিক বিষ্ণু ৰাভা বঁটা ।

Leave a Reply

Your email address will not be published. Required fields are marked *