অসমবাসীৰ বাবে ভাল খবৰ। সংগীতৰ বাবে বিশ্বৰ ভিতৰতে বিখ্যাত শিক্ষানুষ্ঠান লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা বিৰল আৰু ঐতিহাসিক সন্মান লাভেৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে। তেওঁ হৈছে সংগীত আৰু শৈক্ষক ক্ষেত্ৰৰে জড়িত প্ৰতিষ্ঠিত ব্যক্তিত্ব সাত্যকি ডি’কম ভূঞাৰ পুত্ৰ জ্ঞান ভূঞা। তেওঁ লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা স্নাতক মহলাৰ চাৰিওটা শৈক্ষিক বছৰতে ধাৰাবাহিকভাৱে ডিষ্ট্ৰিংচন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। উল্লেখযোগ্য যে, এই সফলতাৰে জ্ঞান ভূঞাই ১৬০ বছৰৰ ইতিহাসত প্ৰথমগৰাকী ভাৰতীয় ছাত্ৰ হিচাপে খ্যাতি লাভ কৰিছে। লগতে তেওঁ এই শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় গায়ক হিচাপেও কৃতিত্ব অৰ্জন কৰে। জ্ঞানৰ এই অভূতপূৰ্ব সাফল্যই অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। Share this:FacebookX Related Post navigation জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ৬০,০০০ টকালৈকে লাভালাভেৰে মুকলি কৰিছে হেক্টৰৰ বাৰ্ষিকী অফাৰ অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা