মূল্য-নিৰ্ভৰ প্ৰিমিয়াম ৰূপ উন্নত কৰি ফৰাচী গাড়ী নিৰ্মাতা ৰেন’ৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক সংস্থা ৰেন’ ইণ্ডিয়াই, উন্নত বৈশিষ্ট্য আৰু প্ৰযুক্তিৰে সজ্জিত নতুন ৰেন’ ট্ৰাইবাৰ ২০২৬ মুকলি কৰিছে। নতুন ট্ৰাইবাৰ ২০২৬ত চিন্তাশীল উন্নীতকৰণ আৰু সংযোজনসমূহে এণ্ট্ৰি আৰু মিড শিতানসমূহ সমৃদ্ধ কৰি পৰিয়ালৰ বাহন ক্ৰেতাসকলৰ বাবে উচ্চ মানৰ বৈশিষ্ট্য আৰু আৰামক অধিক সুলভ কৰি তোলাৰ দিশত মনোনিৱেশ কৰিছে। ৫.৮০ লাখ টকাৰ পৰা ৮.০০ লাখ টকাৰ ভিতৰত (এক্স – শ্ব’ৰুম) মূল্যৰ আকৰ্ষণীয় মূল্যৰ পৰিসৰত এই শিতানৰ সকলোবোৰ পৰিয়ালৰ সকলোৰে সুবিধা হোৱাকৈ উপলব্ধ। এই বাহন মুকলি সন্দৰ্ভত মন্তব্য কৰি ৰেন’ ইণ্ডিয়াৰ বিক্ৰী আৰু বিপণন বিভাগৰ উপাধ্যক্ষ ফ্ৰান্সিস্কো হিডালগো মাৰ্কেছে কয় যে,” দ্বিতীয় প্ৰজন্মৰ ৰেন’ ট্ৰাইবাৰক এই খণ্ডৰ পৰিয়ালৰ উপযোগী বাহন হিচাপে উদযাপন কৰা হৈছে আৰু চিন্তাশীল উন্নীতকৰণৰ জৰিয়তে আমি ব্যৱহাৰিকতা আৰু স্বাচ্ছন্দ্য পৰৱৰ্তী পৰ্যায়লৈ লৈ গৈছোঁ।” নিজৰ বহুমুখী প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰি ৰেন’ ট্ৰাইবাৰ ২০২৬-এ দৈনন্দিন ব্যৱহাৰযোগ্যতা আৰু আৰাম বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বিভিন্ন প্ৰকাৰত কেইবাটাও নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰা হৈছে। নতুন বাহনখনত ফ্লটিং ২০.৩২ টাচ্চস্ক্ৰীনৰ সৈতে আধুনিক ডুৱেল টোন ডেশ্বব’ৰ্ডৰ সৈতে আকৰ্ষণীয় আৰু শিতান শ্ৰেষ্ঠ কেবিন সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও, দ্বিতীয় শাৰীৰ আসনসমূহ এতিয়া সম্পূৰ্ণৰূপে ভাঁজ হৈ যায়, যিয়ে এক বিশাল ১০৬৫ লিটাৰ বুট স্থান প্ৰদান কৰিছে। ভাৰতত ট্ৰাইবাৰৰ ২ লাখতকৈ অধিক গৌৰৱান্বিত গৰাকী আৰু সমগ্ৰ বিশ্বৰ বজাৰত ক্ৰমাৎ বৰ্ধিত উপস্থিতিৰে ৰেন’ৰ ভাৰত কৌশলৰ মূল স্তম্ভ হৈয়েই আছে। ইভলিউচন ভেৰিয়েণ্টক ষ্টিয়াৰিং-মাউণ্টেড অডিঅ’ আৰু ফোন কণ্ট্ৰল, দিন আৰু ৰাতি এডজাষ্টেবল আইআৰভিএম আৰু পিছফালৰ ৰুম লেম্পৰ সৈতে উন্নীত কৰা হৈছে। উন্নীতকৃত ২০২৬ ট্ৰাইবাৰে ৫, ৬ আৰু ৭খন আসনৰ কনফিগাৰেচনৰ সৈতে অতুলনীয় নমনীয়তা প্ৰদান কৰি আহিছে। ভিতৰত ট্ৰাইবাৰে ৱায়াৰলেছ এণ্ড্ৰইড অটো আৰু এপল কাৰ প্লেৰ সৈতে ২০.৩২ চে.মি. ফ্লটিং টাচ্চস্ক্ৰীনৰ সৈতে আধুনিক ডুৱেলটন ডেশ্বব’ৰ্ড আগবঢ়াইছে। ৰেন’ৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি ট্ৰাইবাৰ ২০২৬-এ ৬টা এয়াৰবেগ, ইবিডিৰ সৈতে এবিএছ আৰু টায়াৰৰ চাপ নিৰীক্ষণ ব্যৱস্থা, ইলেক্ট্ৰনিক ষ্টেবিলিটী কণ্ট্ৰলকে ধৰি এক বিস্তৃত ২১টা মানসম্পন্ন সুৰক্ষা পেকেজ আগবঢ়াই আহিছে – সামগ্ৰিকভাৱে মানসম্পন্ন ২১টা সুৰক্ষা বৈশিষ্ট্য আগবঢ়াই গ্ৰাহকৰ মানসিক প্ৰশান্তি নিশ্চিত কৰিছে। Share this:FacebookX Related Post navigation কৰ্ণাটকৰ তুমকুৰত এইচ৫এন১ ভাইৰাছৰ প্ৰকোপঃ ৪৪টা ময়ুৰৰ মৃত্যুৰ পাছত সতৰ্ক জিলা প্ৰশাসন চিডিএছএল আইপিএফে উত্তৰ-পূবৰ ৮৪খন চহৰত বিনিয়োগকাৰী শিক্ষা অভিযান আৰম্ভ কৰে