জেন-জেড অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ। এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। আৰক্ষী-প্ৰশাসনৰ বাধা নেওচিত উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে। লগতে জাৰি কৰা হৈছে সান্ধ্য আইন। এই পৰিস্থিতিৰ উদ্ভৱ হৈছে নেপালত। নেপাল চৰকাৰে বহুকেইটা ছ’চিয়েল মিডিয়া এপ দেশত নিষিদ্ধ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ।আৰক্ষী-প্ৰশাসনৰ বাধা নেওচিত উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে। লগতে জাৰি কৰা হৈছে সান্ধ্য আইন।প্ৰধানমন্ত্ৰী কে পি অলিৰ চৰকাৰে যোৱা ৪ ছেপ্টেম্বৰত ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ, ৰেডিট আৰু এক্সৰ দৰে ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিছিল। নেপাল চৰকাৰে এই ছ’চিয়েল মিডিয়া কোম্পানীসমূহক নেপালত ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত আৰোপ কৰি নিষেধাজ্ঞা আৰোপ কৰিছে।উল্লেখ্য যে নেপাল চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে দেশখনৰ জনসাধাৰণ বহুদিশত সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰৰ সিদ্ধান্তৰ পিছত ফেচবুক বা ইনষ্টাগ্ৰামৰ জৰিয়তে ব্যৱসায়িক পথ মুকলি কৰা লোকসকলৰ ব্যৱসায় বন্ধ হৈ পৰে। ইউটিউব আৰু গিটহাবৰ দৰে প্লেটফৰ্মে কাম নকৰাৰ বাবে শিশুৰ শিক্ষা কঠিন হৈ পৰিছে বুলিও অভিযোগ উঠিছে। Share this:FacebookX Related Post navigation শিলচৰৰ এজন যুৱকক পিষ্টলৰে আক্ৰমণ ৰেনল্ট ৯৬,৩৯৫ টকা পৰ্যন্ত মূল্য হ্ৰাস কৰিলে ক্ৰেতাসকলৰ বাবে সম্পূৰ্ণ জি এছ টি ২.০ লাভ