নেপালৰ বানত এইপৰ্যন্ত ৬০০ জনৰ মৃত্যু হোৱাৰ লগতে ২৫০০জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীসহ ১২জন লোক সন্ধানহীন হৈ আছে ৷ তেওঁলোকৰ সৈতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যম এক্সত এই তথ্য সদৰী কৰে ৷সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এতিয়ালৈকে আমি অসমৰ পৰা নেপালত নিৰুদ্দেশ হোৱা ১২ জন লোকৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰি নিৰাপদে উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ৷”নেপালত সন্ধানহীন অসমৰ ১২ জন লোকনাম, ঠিকনাসহ তালিকা প্রকাশ ৰাজ্যিক প্রশমন বিভাগৰ—১.ঋতুপর্ণ ব্রহ্ম –কাৰ্বি আংলং জিলাৰ২.মন্ত্ৰী বসুমতাৰী –কাৰ্বি আংলং জিলাৰ৩.সোণেশ্বৰ নাৰ্জাৰী –কাৰ্বি আংলং জিলাৰ৪.ৰাহুল দৈমাৰী –গোলাঘাট৫.শতদল নাথ –হোজাই৬.পংকজ নেওগ –কামৰূপ মহানগৰ৭.পংকজ বর্মন –নলবাৰী৮.অৰুণ মহন্ত –নলবাৰী৯.সমৰ বেজবৰুৱা-নলবাৰী১০.ড০ দিপালী সৰকাৰ-কামৰূপ মহানগৰ১১.মানস কুমাৰ ঘোষ-কামৰূপ মহানগৰ১২.ড০ তীর্থ চলিহা-নলবাৰী Share this:FacebookX Related Post navigation বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক