অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে । হিট এণ্ড ৰাণৰ গোচৰত আদালতত জামিন লাভ কৰিলে অভিনেত্ৰীগৰাকীয়ে । কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰে অভিনেত্ৰীগৰাকীৰ ।অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্ৰহণৰ পিছত আদালতে অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন প্ৰদান কৰে । যোৱা ১ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছিল নন্দিনী কাশ্যপ । প্ৰথম অৱস্থাত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল নন্দিনী কাশ্যপক ।জামিন সন্দৰ্ভত অধিবক্তা বিজন মহাজনে কয়, ”আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে নন্দিনী কাশ্যপে । আৰক্ষীয়ে সন্নিবিষ্ট কৰা ১০৫ ধাৰা যুক্তিহীন আছিল । নন্দিনীৰ বিৰুদ্ধে আছিল Drink and driver ৰ অভিযোগ । কিন্তু আৰক্ষীয়ে আদালতত তথ্য প্ৰমাণ কৰিব নোৱাৰিলে এই কথা ।””৫০০০০ টকা জৰিমনা আৰু জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰিব পাৰিব নন্দিনীয়ে । পাছপোৰ্ট, ভিছাৰ চৰ্ত সাপেক্ষে নন্দিনীক জামিন দিয়া হৈছে । ভিছা, পাছপোৰ্ট জমা দিব লাগিব ছেছন আদালতত ।”

Leave a Reply

Your email address will not be published. Required fields are marked *