“মা, মোক ক্ষমা কৰি দিবা, পুনৰ যদি জনম লও, মই তোমাৰে গৰ্ভত জন্ম ল’ব বিচাৰিম!’’ – জীৱনৰ শেষটো ভিডিঅ’ত মাতৃৰ ওচৰত এইদৰেই ক্ষমা খুজি চিৰদিনৰ বাবে হেৰাই গ’ল এগৰাকী ১৮ বছৰীয়া ছাত্ৰই। চিকিৎসক হোৱাৰ সপোন দেখি সেই সপোন অপূৰ্ণ হোৱাৰ আশাতে চৰম হতাশাত শেষ সিদ্ধান্ত গ্ৰহণ কৰে সুশীল ধাগে নামৰ ছাত্ৰজনে।

মহাৰাষ্ট্ৰৰ হিংগোলি জিলাত সংঘটিত এই ঘটনাই নীট পৰীক্ষাৰ প্ৰস্তুতিত জড়িত শিক্ষাৰ্থীৰ ওপৰত থকা মানসিক চাপৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে। পৰিয়াললৈ মোবাইলত ভিডিঅ’ প্ৰেৰণ কৰাৰ পাছতে কুঁৱাত জঁপিয়াই আত্মহনন কৰে সুশীলে।

উল্লেখ্য যে, সুশীলে ২১ জুনত নীট (ইউজি) ২০২৬ৰ পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পাছত ৩ মে’ত অনুষ্ঠিত মূল পৰীক্ষা বাতিল হোৱাৰ পাছত ২১ জুনত পুনৰ অনুষ্ঠিত কৰা হৈছিল এই পৰীক্ষা।

পৰিয়ালৰ অভিযোগ অনুসৰি, পুনৰ অনুষ্ঠিত নীট পৰীক্ষাটো সুশীলৰ বাবে কঠিন হৈ পৰিছিল। পৰীক্ষাৰ চাপ আৰু ভৱিষ্যতক লৈ সৃষ্টি হোৱা হতাশাৰ বাবেই এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰজনে।

ভিডিঅ’টোত সুশীলে মাক উদ্দেশ্যি কয় যে তেওঁ জীৱনৰ শেষ সিদ্ধান্ত লৈছে। হাতযোৰ কৰি কান্দি কান্দি তেওঁ মাকক নিজৰ যত্ন ল’বলৈ অনুৰোধ কৰে আৰু ভাতৃ সুমেধৰ খেয়াল ৰাখিবলৈ কয়।

প্ৰায় ৩৩ ছেকেণ্ডৰ ভিডিঅ’টো ৰেকৰ্ড কৰাৰ পাছত সুশীলে সেইটো পৰিয়ালৰ সদস্যলৈ প্ৰেৰণ কৰে। তাৰ কিছু সময় পাছতে কুঁৱাত জঁপিয়াই দিয়ে তেওঁ।

ঘটনাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা ভিডিঅ’ আৰু পৰিয়ালৰ বক্তব্যৰ ভিত্তিত সমগ্ৰ ঘটনাৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে তদন্তকাৰীসকলে।

উল্লেখ্য যে, দেশৰ লাখ লাখ শিক্ষাৰ্থীয়ে প্ৰতি বছৰে নীট পৰীক্ষাত অৱতীৰ্ণ হয়। চিকিৎসা শিক্ষাৰ সীমিত আসনৰ বাবে এই পৰীক্ষাত তীব্ৰ প্ৰতিযোগিতা দেখা যায়। এইবাৰৰ নীট পৰীক্ষাও প্ৰশ্নকাকত ফাদিলৰ অভিযোগক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজলৈ আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *