অনলাইন জালিয়াতিৰ নতুন কৌশল ‘ডিজিটেল এৰেষ্ট’ৰ জৰিয়তে দেশজুৰি প্ৰতাৰণা চলোৱা চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। অপাৰেচন চক্ৰ-৬ৰ অধীনত দেশৰ ১৬খন ৰাজ্যত একেলগে অভিযান চলাই ৮০ৰো অধিক স্থানত তালাচী চলায় সংস্থাটোৱে।

এই অভিযানৰ অংশ হিচাপে চিবিআইয়ে ৬০টা বিশেষ দল গঠন কৰি সন্দেহযুক্ত চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জড়িত বিভিন্ন স্থানত একে সময়তে অভিযান চলায়। অভিযানত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ, ম’বাইল ফোন, ডিজিটেল সঁজুলি আৰু আৰ্থিক লেনদেনৰ সৈতে জড়িত তথ্য উদ্ধাৰ কৰা হৈছে।

অসমতো এই অভিযানৰ প্ৰভাৱ পৰে। ৰাজ্যখনৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কেইবাটাও স্থানত চিবিআইৰ দল উপস্থিত হৈ চাইবাৰ জালিয়াতি চক্ৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত তালাচী চলায়।

চিবিআইৰ সূত্ৰ অনুসৰি, ‘ডিজিটেল এৰেষ্ট’ কেলেংকাৰিৰ জৰিয়তে প্ৰৱঞ্চক চক্ৰই নিজকে আৰক্ষী, চৰকাৰী বিষয়া অথবা বিভিন্ন নিয়ন্ত্ৰণকাৰী সংস্থাৰ প্ৰতিনিধি হিচাপে পৰিচয় দিয়ে। তাৰ পাছত ভয়-ভাবুকিৰে ভুক্তভোগীক আইনী ব্যৱস্থাৰ পৰা ৰক্ষা পোৱাৰ নামত ধন স্থানান্তৰ কৰিবলৈ বাধ্য কৰে।

অভিযানত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ পৰীক্ষা কৰি চাইবাৰ অপৰাধী চক্ৰৰ কাৰ্যপদ্ধতি, ধনৰ লেনদেন আৰু ইয়াৰ সৈতে জড়িত আন লোকসকলৰ সন্ধান উলিয়াবলৈ তদন্ত আগবঢ়াইছে চিবিআইয়ে।

দেশজুৰি সংগঠিত চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে চলোৱা ধাৰাবাহিক অভিযানৰ অংশ হিচাপেই অপাৰেচন চক্ৰ-৬ আৰম্ভ কৰিছে সংস্থাটোৱে। ইতিমধ্যে সংগৃহীত তথ্য আৰু প্ৰমাণৰ ভিত্তিত অধিক তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *