আজি ১৭ ছেপ্তেম্বৰ, বৃহস্পতিবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন।প্ৰধানমন্ত্ৰী মোডীৰ পিতৃ দামোদৰ দাস মূলচান্দ মোডী আৰু মাতৃ হীৰাবেন মোডীৰ ছটা সন্তানৰ ভিতৰত তেওঁ আছিল তৃতীয় সন্তান। পৰিয়ালটো আৰ্থিকভাৱে স্বচ্ছল নাছিল। শৈশৱত বদনগৰ ৰে’লৱে ষ্টেচনত পিতৃৰ চাহৰ দোকানত কামত সহায় কৰাৰ লগতে তেওঁ স্থানীয় বিদ্যালয়ত পঢ়া-শুনা অব্যাহত ৰাখিছিল। অতি কম বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) সৈতে সম্পৰ্কিত হোৱা শৈশৱৰে পৰাই দেশ সেৱা আৰু আধ্যাত্মিকতাৰ প্ৰতি গভীৰ অনুৰাগ আছিল।মোডীৰ ৰাজনৈতিক জীৱনৰ গুৰুত্বপূৰ্ণ পাক আহে ২০০১ চনত। ২০০১ চনৰ অক্টোবৰত তেওঁ প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০১৪ চনলৈকে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে। পিছত নৰেন্দ্ৰ মোডীয়ে ২৬ মে’ ২০১৪ত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে শপত গ্ৰহণ কৰে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছত তেওঁ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয়। ২০২৪ চনৰ নিৰ্বাচনৰ পিছত ৯ জুনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *