ছত্তীশগড়ৰ ধামটাৰীত অনুষ্ঠিত হয় পৰম্পৰাগত দেৱ মড়ই উৎসৱ। আশে-পাশে থকা ৫২ খন গাঁৱৰ দেৱ-দেৱী এই মেলাত অংশগ্ৰহণ কৰে। মেলাৰ সময়ত সহস্ৰাধিক মহিলাই দেৱী অংগাৰমোতী মাতাৰ মন্দিৰত সন্তান প্ৰাপ্তিৰ বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।
এই মহিলাসকলৰ গাৰ ওপৰেৰে পাৰ হৈ যায় বাইগা জনগোষ্ঠীয় লোক, ইয়াক পৰণ বোলা হয়।এনে কৰিলে মহিলাসকলে সন্তান গৰ্ভধাৰণত সহায় কৰে বুলি বিশ্বাস কৰা হয়। পৰণ সম্পাদন কৰিবলৈ মহিলাসকলে নেমু, নাৰিকল, অন্যান্য পূজাৰ সামগ্ৰী লৈ তললৈ পেলাই শুই পৰে। প্ৰতি বছৰে বাঢ়িছে পৰণ পৰিবেশন কৰা মহিলাৰ সংখ্যা। যোৱা বছৰ ৩০০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল। এইবাৰ ছত্তীশগড়ৰ লগতে অন্যান্য ৰাজ্যৰ পৰা ১০০০ৰো অধিক মহিলাই পৰণত অংশগ্ৰহণ কৰিবলৈ আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *