পুনৰ জ্বলিছে মণিপুৰ ! মঙলবাৰে বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুটা শিশু নিহত হোৱাৰ পিছতে পুনৰ ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ৰাইজে বিভিন্ন স্থানত প্ৰতিবাদ আৰম্ভ কৰিছে ।

এনে পৰিস্থিতিত মণিপুৰত পুনৰ সান্ধ্য আইন জাৰি কৰা হৈছে । ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ আৰু কাকচিং জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হয় ।ইয়াৰ পূৰ্বে মণিপুৰ চৰকাৰে ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰৰ দলে ৫ খন উপত্যকা জিলাত ব্ৰডবেণ্ড, ভিএছএটি আৰু ভিপিএনকে ধৰি ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা ৩ দিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছিল । ইয়াৰ কাৰণ আছিল বিষ্ণুপুৰ জিলাত সংঘটিত বোমা বিস্ফোৰণৰ পিছতে হোৱা তীব্ৰ প্ৰতিবাদ । শতাধিক লোকে প্ৰতিবাদৰ অংশ হিচাপে চিআৰপিএফৰ শিবিৰত আক্ৰমণ কৰিছিল । য’ত নিৰাপত্তা বাহিনীৰ গুলীচালনাত দুজন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *