কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা (কহঁৰা) বনাঞ্চলত বৃহস্পতিবাৰে এজন বনকৰ্মী গুলীবিদ্ধ হয় ৷ গৰৈমাৰী বনশিবিৰত ‘পেট্ৰলিঙ’ কৰি বেঙা বনশিবিৰৰ পিনে আহি থকা সময়তে পিচল পৰি দুৰ্ঘটনাবশত বনকৰ্মীজন গুলীবিদ্ধ হয় ৷

কাজিৰঙা (কহঁৰা) বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে কয়, “কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত গৰৈমাৰী বনশিবিৰত কৰ্মৰত লাহন কাৰ্দং নামৰ এজন দ্বিতীয় এ এফ পি এফৰ কনিষ্টবলৰ আজি এটা ফায়াৰিং হোৱাত তেওঁৰ ভৰিত আঘাতপ্ৰাপ্ত হৈছে ৷ তেওঁৰ নিজৰ যিটো ছাৰ্ভিছ ৰাইফল আছিল তাৰপৰা গুলী গৈ তেওঁৰ সোঁ ভৰিত আঘাত কৰিছে ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *