অশান্তজৰ্জৰ মণিপুৰত অব্যাহত থকা তীব্ৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ২৩টাকৈ অবৈধ বাংকাৰ ধ্বংস কৰিবলৈ সক্ষম হ’ল নিৰাপত্তাৰক্ষী। উখ্ৰুল আৰু টেংনৌপাল জিলাত পৃথককৈ চলোৱা এই বিশেষ অভিযানত বাহিনীয়ে বাংকাৰসমূহ ধ্বংস কৰাৰ উপৰি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে। শনিবাৰে আৰক্ষীয়ে এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে এই তথ্য সদৰী কৰে। উখ্ৰুল জিলাৰ লিটান আৰক্ষী থানাৰ অন্তৰ্গত মংকট চেপু, শ্বংফেল, মুল্লাম, চিৰাৰাখং আৰু ৰিংগুৱে গাঁৱত বৃহস্পতিবাৰে এই সমন্বিত অভিযান চলোৱা হয়। অভিযানকাৰী দলে উক্ত অঞ্চলৰ পৰা এটা পাম্প একচন গান, ১৭ জাঁই সজীৱ গুলী আৰু ১১১টা খালী কাৰ্টিজ উদ্ধাৰ কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা টাংখুল নগা আৰু কুকি সম্প্ৰদায়ৰ মাজত চলা ধাৰাবাহিক সংঘাতৰ বাবে উখ্ৰুল জিলাত সাতজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০টাতকৈও অধিক ঘৰত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছিল। ইফালে বুধবাৰে টেংনৌপাল জিলাৰ মোৰে আৰক্ষী থানাৰ অন্তৰ্গত টি বংমল গাঁৱতো নিৰাপত্তাৰক্ষীয়ে চলায় আন এক অভিযান। উক্ত স্থানৰ পৰা দুটা ছিঙ্গল বেৰেল ৰাইফল, চাৰিটা ৯ এম এম পিষ্টল আৰু ১৮টা আই ই ডি উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা বিস্ফোৰকসমূহ সুৰক্ষা বিধি অনুসৰণ কৰি আৰক্ষীয়ে থিতাতে ধ্বংস কৰে। বৰ্তমান ৰাজ্যখনৰ উত্তেজনাপূৰ্ণ আৰু সীমান্তৱৰ্তী এলেকাসমূহত নিৰাপত্তাৰক্ষীয়ে তালাচী তথা আধিপত্য বিস্তাৰৰ অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে। Share this:FacebookX Related Post navigation পৰ্বতৰ শিখৰত সেনাৰ সহযাত্ৰী প’ৰ্টাৰসকললৈ বিশেষ সন্মান; মেঞ্চুকা উপত্যকাত মে’ দিৱস উদযাপন কৰ্ণাটকৰ তুমকুৰত এইচ৫এন১ ভাইৰাছৰ প্ৰকোপঃ ৪৪টা ময়ুৰৰ মৃত্যুৰ পাছত সতৰ্ক জিলা প্ৰশাসন