টাটা গ্ৰুপৰ দেশৰ আগশাৰীৰ অম্নিচেনেল ইলেক্ট্ৰনিকছ খুচুৰা বিক্ৰেতা ক্ৰ’মাই মুম্বাইৰ জুহুত প্ৰথমখন বিপণী মুকলি কৰাৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ আনন্দ উদযাপন কৰিছে। এই মাইলৰ খুঁটি স্মৰণীয় কৰি ৰাখিবলৈ ই ১০০ বছৰ উদযাপন কৰা বিশ্বব্যাপী মেনেজমেণ্ট কনছালটিং প্ৰতিষ্ঠান কাৰ্নিৰ সৈতে অংশীদাৰিত্বৰে ‘হাউ ইণ্ডিয়া আপগ্ৰেডছ’ নামৰ এখন নতুন প্ৰতিবেদন মুকলি কৰিছে। এই প্ৰতিবেদনত ইলেক্ট্ৰনিকছৰ সৈতে ভাৰতৰ সম্পৰ্ক কেনেদৰে বিকশিত হৈছে সেয়া পৰীক্ষা কৰা হৈছে আৰু দেশৰ পৰৱৰ্তী উপভোগ চক্ৰক গঢ় দিয়া শক্তিসমূহ চিনাক্ত কৰা হৈছে।

ইনফিনিটি ৰিটেইল লিমিটেড(ক্ৰ’মা)ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক শিবাশীষ ৰয়ে কয় যে: “যোৱা দুটা দশকত আমি ভাৰতৰ গ্ৰাহক-ইলেক্ট্ৰনিকছ বজাৰখন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি আকাংক্ষা, অভিজ্ঞতা আৰু নিৰন্তৰ উন্নীতকৰণৰ দ্বাৰা গঢ় লোৱা দেখিছোঁ। ‘ক্ৰ’মা x কাৰ্নি: হাউ ইণ্ডিয়া আপগ্ৰেডছ’ প্ৰতিবেদনৰ জৰিয়তে আমি গ্ৰাহকৰ আচৰণ আৰু এই শ্ৰেণীটোৰ ভৱিষ্যতক গঢ় দিয়া পৰিৱৰ্তনসমূহ বুজিবলৈ চেষ্টা কৰিছোঁ। প্ৰযুক্তি অধিক উন্নত হোৱাৰ সমান্তৰালভাৱে ক্ৰ’মাত আমাৰ ভূমিকা হৈছে সঠিক সামগ্ৰী, বিশেষজ্ঞৰ পৰামৰ্শ, সুলভ মূল্যৰ সমাধান আৰু বিক্ৰীৰ পিছৰ সেৱা আগবঢ়াই ইলেক্ট্ৰনিকছৰ মালিকীস্বত্ব সৰল কৰি তোলা, যাতে গ্ৰাহকসকলে আত্মবিশ্বাসেৰে নিজকে উন্নত কৰিব পাৰে।”

কাৰ্নি ইণ্ডিয়াৰ অধ্যক্ষ কৌশিকা মাধৱনে কয় যে, “দেশৰ গ্ৰাহক-ইলেক্ট্ৰনিকছ উদ্যোগৰ ভৱিষ্যত কিমানটা ডিভাইচ বিক্ৰী হৈছে তাৰ দ্বাৰা নহয়, বৰঞ্চ গ্ৰাহকসকলে প্ৰযুক্তিৰ জৰিয়তে কেনেদৰে নিজৰ জীৱন উন্নত কৰিবলৈ বাছি লৈছে তাৰ দ্বাৰাহে নিৰ্ধাৰিত হ’ব। প্ৰিমিয়ামাইজেচনৰ সংমিশ্ৰণ, উদীয়মান বজাৰসমূহত বৰ্ধিত চাহিদা আৰু গ্ৰাহকৰ বিকশিত প্ৰত্যাশাসমূহে উদ্ভাৱন, মূল্য সৃষ্টি আৰু দীৰ্ঘম্যাদী বিকাশৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।”

প্ৰতিবেদনৰ মূল দিশসমূহ:

দেশৰ ইলেক্ট্ৰনিকছৰ বিকাশ মেট্ৰ’ চহৰসমূহৰ বাহিৰলৈ হৈছে সম্প্ৰসাৰণ

•        ২০২২ আৰু ২০২৫ চনৰ ভিতৰত ক্ৰ’মাত বিক্ৰী টায়াৰ ৩ চহৰসমূহত ৪০% চিএজিআৰ, টায়াৰ ২ চহৰসমূহত ৩০%, টায়াৰ ১ চহৰসমূহত ৩৫% আৰু মেট্ৰ’ চহৰসমূহত ১৩% হাৰত বৃদ্ধি পাইছে।

• ক্ৰ’মাৰ বিক্ৰীত নন-মেট্ৰ’ বজাৰসমূহৰ অংশ ২০২২ চনৰ ৩২%ৰ পৰা ২০২৫ চনত ৪৪% লৈ বৃদ্ধি পাইছে। যদিও মেট্ৰ’ চহৰসমূহত মুঠ চাহিদা এতিয়াও বেছি আৰু ই বৃদ্ধি পাই থাকিব, ক্ষুদ্ৰ চহৰসমূহে দ্ৰুত বিকাশ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ পৰৱৰ্তী ইলেক্ট্ৰনিকছ বিকাশ চক্ৰৰ বাবে ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে।.

ভাৰতীয় গ্ৰাহকসকলে ক্ৰয় কৰিছে উন্নত মানৰ সামগ্ৰী

•ক্ৰ’মাত, ২০২১ আৰু ২০২৫ চনৰ ভিতৰত স্মাৰ্টফোনৰ গড় বিক্ৰী মূল্য ৩৪% বৃদ্ধি পাইছে।

• ক্ৰ’মাত ২০২২ৰ পৰা ২০২৫ চনৰ ভিতৰত ৫০,০০০ টকাতকৈ অধিক মূল্যৰ স্মাৰ্টফোনৰ মূল্য ২৬% চিএজিআৰ হাৰত বৃদ্ধি পাইছে।

• একেদৰে, ইনভাৰ্টাৰ এচি ২০১৫ চনৰ ৯%ৰ পৰা বৃদ্ধি পাই ২০২৫ চনত এই শ্ৰেণীৰ ৯১% হৈছেগৈ, যি এটা প্ৰিমিয়াম বৈশিষ্ট্যৰ পৰা বজাৰৰ মানদণ্ডলৈ ৰূপান্তৰিত হৈছে।

•২০১৫ চনত ক্ৰ’মাত বিক্ৰী হোৱা প্ৰতি ২৫টা টেলিভিছনৰ ভিতৰত কেৱল এটাহে ৫৫ ইঞ্চি বা তাতকৈ ডাঙৰ আছিল, কিন্তু ২০২৫ চনত বিক্ৰী হোৱা প্ৰতি তিনিটা টেলিভিছনৰ ভিতৰত এটা ৫৫ ইঞ্চি বা তাতকৈ ডাঙৰ আছিল।

নতুন শ্ৰেণীৰ সামগ্ৰীৰ প্ৰৱেশ ঘটিছে ভাৰতীয় পৰিয়ালসমূহত

•        ক্ৰ’মাত ২০২১ আৰু ২০২৫ চনৰ ভিতৰত ডিছৱাশ্বাৰ আৰু ড্ৰায়াৰে একেলগে ২৯% ভলিউম চিএজিআৰ পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে।

•        ২০২১ আৰু ২০২৫ চনৰ ভিতৰত গেমিং ডিভাইচসমূহে ২৬% ভলিউম চিএজিআৰ পঞ্জীয়ন কৰিছে।

• ২০২১ আৰু ২০২৫ চনৰ ভিতৰত হিয়াৰেবল (হেডফোন, ইয়াৰবাড আদি)-এ ২৩% ভলিউম চিএজিআৰ পঞ্জীয়ন কৰিছে।

• ২০২১ আৰু ২০২৫ চনৰ ভিতৰত এয়াৰ ফ্ৰায়াৰে ২২% ভলিউম চিএজিআৰ পঞ্জীয়ন কৰিছে।

ভাৰতৰ পৰৱৰ্তী ৩ ট্ৰিলিয়ন টকাৰ ইলেক্ট্ৰনিকছৰ সুযোগ

•        ক্ৰ’মা x কাৰ্নি ‘হাউ ইণ্ডিয়া আপগ্ৰেডছ’ প্ৰতিবেদনত ভাৰতৰ ইলেক্ট্ৰনিক বজাৰখন ২০২৪ চনৰ ৭ ট্ৰিলিয়ন টকাৰ পৰা ২০৩০ চনৰ ভিতৰত প্ৰায় ১০ ট্ৰিলিয়ন টকালৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।

•        প্ৰতিবেদন অনুসৰি, এই অতিৰিক্ত ৩ ট্ৰিলিয়ন টকাৰ সুযোগৰ কেন্দ্ৰবিন্দু হ’ব ডিভাইচ উন্নীতকৰণ।

•        ডিছৱাশ্বাৰ, এয়াৰ ফ্ৰায়াৰ, ড্ৰায়াৰ, গেমিং ডিভাইচ আৰু ৱেৰেবল আদি শ্ৰেণীসমূহে পৰৱৰ্তী উপভোগ চক্ৰক গঢ় দিব, লগতে কম প্ৰচলিত বজাৰসমূহত প্ৰথমবাৰৰ বাবে সামগ্ৰী গ্ৰহণ কৰা প্ৰৱণতাইও ইয়াত অৰিহণা যোগাব।

ক্ৰ’মাৰ বিষয়ে:

ইনফিনিটি ৰিটেইল লিমিটেড হৈছে ক্ৰ’মা ব্ৰেণ্ড নামৰ অধীনত পৰিচালিত দেশৰ প্ৰথমটো বৃহৎ আকাৰৰ ইলেক্ট্ৰনিকছ খুচুৰা বিক্ৰেতা। ভাৰতৰ ২০০ খনতকৈও অধিক চহৰত ৫৬০ খনতকৈও অধিক বিপণীৰ সৈতে কোম্পানীটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰিবলৈ নতুন বিপণী মুকলি কৰি আহিছে। ক্ৰ’মাই গ্ৰাহকসকলক বিপণীৰ ভিতৰত আৰু www.croma.com-ত বজাৰ কৰাৰ বাবে এক বিশ্বমানৰ পৰিৱেশ আগবঢ়ায় আৰু এক নিৰৱচ্ছিন্ন অম্নিচেনেল বজাৰৰ অভিজ্ঞতা প্ৰদান কৰে। টাটা নিউ ইক’চিষ্টেমৰ সৈতে থকা গভীৰ সংযোগৰ জৰিয়তে ক্ৰ’মাৰ সামগ্ৰীসমূহ টাটা নিউ এপ আৰু বিগবাস্কেটতো উপলব্ধ। ব্ৰেণ্ড ফাইনেন্স ইণ্ডিয়া ১০০ প্ৰতিবেদনত একেৰাহে ৩ বছৰ ধৰি ক্ৰ’মাই ১০০টা আটাইতকৈ মূল্যৱান ভাৰতীয় ব্ৰেণ্ডৰ ভিতৰত স্থান লাভ কৰিছে।

কাৰ্নিৰ বিষয়ে:

১০০ বছৰ ধৰি কাৰ্নি এক আগশাৰীৰ মেনেজমেণ্ট কনছাল্টিং প্ৰতিষ্ঠান আৰু ফৰ্চুন গ্ল’বেল ৫০০-ৰ তিনি-চতুৰ্থাংশ তথা বিশ্বৰ বিভিন্ন চৰকাৰৰ এক বিশ্বস্ত অংশীদাৰ হৈ আহিছে। ৪০ খনতকৈও অধিক দেশত ইয়াৰ উপস্থিতি আছে আৰু ইয়াৰ কৰ্মীসকলেই ইয়াক এই পৰ্যায়লৈ আনিছে। কাৰ্নিয়ে প্ৰভাৱক সৰ্বাধিক গুৰুত্ব দি কাম কৰি আহিছে, মৌলিক চিন্তাধাৰা আৰু একেলগে পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতিৰে গ্ৰাহকসকলৰ আটাইতকৈ কঠিন প্ৰত্যাহ্বানসমূহৰ সমাধান কৰে। গ্ৰাহকৰ কাষত থাকি কাৰ্নিয়ে মূল্য, ফলাফল আৰু প্ৰভাৱ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *