আগন্তুক ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় বিজেপিৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ পৰা সমৰ্থন বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো দলক বছৰ বছৰ ধৰি সাম্প্ৰদায়িক বুলি অভিহিত কৰি আহিছিল, এতিয়া ক্ষমতাৰ স্বাৰ্থত সেই দলটোৰেই শৰণাপন্ন হোৱা কাৰ্যই গেৰুৱা দলৰ ‘ক্ষমতা-কেন্দ্ৰিক’ চৰিত্ৰ উদঙাই দিছে বুলি গগৈয়ে কটাক্ষ কৰে।

গৌৰৱ গগৈৰ মতে, এন ডি এৰ প্ৰাৰ্থী তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰত এ আই ইউ ডি এফৰ তিনিগৰাকী বিধায়ক- কৰিমুদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰে স্বাক্ষৰ কৰা ঘটনাই এক নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দিছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে ‘মিঞা’ বা ‘অচিনাকি’ আদি শব্দ ব্যৱহাৰ কৰি ধ্ৰুৱীকৰণৰ ৰাজনীতি কৰা বুলিও গগৈয়ে অভিযোগ তোলে। তেওঁ প্ৰশ্ন কৰে যে যদিহে এ আই ইউ ডি এফ ৰাজ্যখনৰ বাবে প্ৰত্যাহ্বান আছিল, তেন্তে বিজেপিয়ে কিয় তেওঁলোকৰ বিধায়কৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে?

এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, “বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত থকা গোপন বুজাবুজি এতিয়া ৰাজহুৱা হৈ পৰিছে। মুখেৰে পৰস্পৰক সমালোচনা কৰিলেও ৰাজনৈতিক স্বাৰ্থত তেওঁলোক যে একত্ৰিত হ’ব পাৰে, এয়াই তাৰ প্ৰমাণ।” শইকীয়াই এ আই ইউ ডি এফক বিজেপিৰ ‘বি-টিম’ বুলি আখ্যা দি কয় যে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈহে এই দল দুটাই নাটকীয় শব্দযুদ্ধত লিপ্ত হয়।

মুখ্যমন্ত্ৰীৰ আদর্শ আৰু নীতি এতিয়া ক্ষমতাৰ লালসাত বিলীন হোৱা বুলি দাবী কৰি গৌৰৱ গগৈয়ে মন্তব্য কৰে যে নিজৰ ৰাজনৈতিক স্থিতি সুৰক্ষিত কৰিবলৈ শৰ্মাই এতিয়া সকলো নীতি জলাঞ্জলি দিছে। ‘বুলডজাৰ ৰাজনীতি’ আৰু উচ্ছেদৰ জৰিয়তে সমাজত বিভাজন সৃষ্টি কৰা চৰকাৰখনে এতিয়া ৰাজ্যসভাৰ এখন আসন সুনিশ্চিত কৰিবলৈ এ আই ইউ ডি এফৰ সহায় লোৱাটো এক ডাঙৰ ৰাজনৈতিক বিড়ম্বনা।

Leave a Reply

Your email address will not be published. Required fields are marked *