হাজোৰ পাখামেলা, মাজৰচুপা, বৰাহটোলা, অভয়পুৰ, গেৰুৱাকে আদি কৰি ভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ সুৰাৰ প্ৰতিষ্ঠান। যাৰ ফলত কিছুদিন পূৰ্বে গেৰুৱাৰ মহিলা সমাজে লগ হৈ সাব্যস্ত কৰিছিল বৃহৎ প্ৰতিবাদ, ঘন্টা ধৰি বন্ধ হৈ পৰিছিল হাজো-গুৱাহাটী মূল ৰাজপথ। ইয়াৰ পিছতে আজি হঠাৎ হাজো গেৰুৱাৰ চ’কত অভিযান চলাই আবকাৰী বিভাগে। আবকাৰী বিভাগৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা।আবকাৰী বিভাগে অতৰ্কিতে অভিযান চলাই জব্দ কৰে ১৫টাকৈ বিলাতী সুৰাৰ কাৰ্টুন। গেৰুৱাৰ জৈনক সত্যজিত দাস নামৰ লোকজনৰ দোকানত আবকাৰী বিভাগে চলাই এই অভিযান। ৰাজ্যত নিৰ্বাচনী বিধি বলবৎ হোৱাৰ সময়তে সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আবকাৰী বিভাগ। Share this:FacebookX Related Post navigation বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৯,৪৯,৮৭৩ গৰাকী ২০১৮ৰ পৰা একেৰাহে চতুৰ্থ বাৰলৈ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী দিল্লী