অসমত নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক কঠোৰ পদক্ষেপ। অনাগত নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলাখনত ‘ড্ৰাই ডে’ ঘোষণা কৰিছে প্ৰশাসনে। জিলা দণ্ডাধীশ পি উদয় প্ৰবীণে জাৰি কৰা এক নিৰ্দেশনা মৰ্মে নিৰ্বাচনৰ পূৰ্বৱৰ্তী সময়ছোৱাত সুৰা বিক্ৰীৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰশাসনৰ এই নতুন নিৰ্দেশনা অনুসৰি অহা ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ সমগ্ৰ জিলাখনতে সুৰা নিষিদ্ধ থাকিব। ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পূৰ্বৰ এই গুৰুত্বপূৰ্ণ ৪৮ ঘণ্টাৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ আৰু অসম আবকাৰী নীতিৰ অধীনত এই নিৰ্দেশনা বলবৎ কৰা হৈছে। কেৱল ভোটদানৰ দিনটোৱে নহয়, ৪ মে’ৰ ভোট গণনাৰ দিনটোকো প্ৰশাসনে ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে। এই নিৰ্দেশনাৰ ফলত কোকৰাঝাৰৰ সকলো পাইকাৰী গুদাম, সুৰাৰ দোকান, বাৰ আৰু হোটেল-ৰেষ্টুৰেণ্ট নিৰ্ধাৰিত সময়ছোৱাত বন্ধ থাকিব। আদেশ উলংঘা কৰা যিকোনো পক্ষৰ বিৰুদ্ধে অসম আবকাৰী আইন আৰু নিৰ্বাচনী আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে। Share this:FacebookX Related Post navigation কেবিচি বিজয়ী তহচিলদাৰ কাৰাগাৰলৈ; ২.৫ কোটি টকীয়া বান সাহাৰ্যৰ কেলেংকাৰীত গ্ৰেপ্তাৰ বিজনীত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী হুংকাৰ; বিটিআৰৰ ১৫ খন আসনেই দখল কৰিব এনডিএ-ই