আইনী ইতিহাসত এক বিৰল দৃষ্টান্ত স্থাপন কৰি ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে পৃথকে পৃথকে পাঁচজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে। জিলাখনত একেদিনাই একেলগে পাঁচজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ এয়া প্ৰথম ঘটনা বুলি স্পষ্ট কৰে চৰকাৰী পক্ষই। ইয়াৰ উপৰি আন এটা হত্যাৰ চেষ্টা চলোৱাৰ গোচৰত এজন অভিযুক্তক আদালতে চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে।

দণ্ডাদেশপ্ৰাপ্তসকলৰ ভিতৰত আছে ডিব্ৰুগড় সদৰ আৰক্ষী থানা চৌহদতে নিজৰ কাৰ্বাইন বন্দুকৰে গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা কৰা আৰক্ষী কনিষ্টবল বিকি চেতিয়া। আৰক্ষীৰ তদন্ত আৰু অভিযোগনামাৰ ভিত্তিত আদালতে বিকি চেতিয়াক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে। একেদৰে বৈৰাগীমঠৰ এটা ভাড়াঘৰৰ গৰাকী আৰু তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ৰাজীৱ চাংকুঙক দোষী সাব্যস্ত কৰি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে।

আন তিনিটা সুকীয়া হত্যাকাণ্ডৰ গোচৰতো আদালতে দোষী সাব্যস্ত কৰি চুকৰাম মুড়হা আৰু ৰাজু চেতিয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমনা বিহাৰ বিপৰীতে আত্মীয়ক নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত দীপু মেছক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। আনহাতে হত্যাৰ চেষ্টা চলোৱাৰ গোচৰত অভিযুক্ত পুতুল গড়ক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা বুলি জানিব পৰা গৈছে। আদালতত চৰকাৰী পক্ষৰ হৈ গোচৰসমূহ পৰিচালনা কৰে অতিৰিক্ত চৰকাৰী অধিবক্তা চিন্ময়ী দত্ত আৰু নীলোৎপল ফুকনে।

Leave a Reply

Your email address will not be published. Required fields are marked *