ৰাজ্যত অব্যাহত আছে গৰু-ম’হৰ অবৈধ সৰবৰাহ। আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি চলি থকা এনে পশুধনৰ অবাধ সৰবৰাহৰ মাজতে এইবাৰ এক সফলতা লাভ কৰিবলৈ সক্ষম হয় লখিমপুৰ আৰক্ষী।

জিলাখনৰ খেলমাটি ট্ৰেফিক আৰক্ষী চকীৰ দলে বুধবাৰে চলোৱা এক অভিযানত ছয়টা গৰু আৰু ম’হ উদ্ধাৰ কৰে। লগতে পশুধন সৰবৰাহত ব্যৱহাৰ কৰা এখন বাহন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, জোনাইৰ পৰা নগাঁও অভিমুখে কিছু পশুধন সন্দেহজনকভাৱে সৰবৰাহ কৰাৰ বিষয়ে গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে। সেই তথ্যৰ ভিত্তিত খেলমাটি অঞ্চলত নজৰদাৰি বৃদ্ধি কৰি সংশ্লিষ্ট বাহনখন ৰখাই তালাচী চলোৱা হয়।

তালাচীকালত বাহনখনৰ পৰা ছয়টা গৰু আৰু ম’হ উদ্ধাৰ হয়। আৰক্ষীৰ অভিযোগ অনুসৰি, পশুধনকেইটা সৰবৰাহৰ ক্ষেত্ৰত প্ৰয়োজনীয় নথি-পত্ৰ বা বৈধ অনুমতি দেখুৱাব নোৱাৰিলে সংশ্লিষ্ট লোকসকলে।

ইয়াৰ পাছতে দুয়োকে আটক কৰি সোধা-পোছা আৰম্ভ কৰে আৰক্ষীয়ে। উদ্ধাৰ হোৱা পশুধনকেইটাক সুৰক্ষিতভাৱে ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

লখিমপুৰ আৰক্ষীয়ে কয় যে, বিশ্বাসযোগ্য গোপন তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হয়। জিলাখনত অবৈধ গৰু সৰবৰাহ আৰু ইয়াৰ সৈতে জড়িত অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে এনে অভিযান আগন্তুক দিনতো অব্যাহত থাকিব।

পশুধনকেইটা ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ নিয়া হৈছিল, সেই বিষয়ত তদন্ত চলি আছে। ঘটনাটোৰ সৈতে বৃহত্তৰ কোনো সৰবৰাহ চক্ৰ জড়িত আছে নেকি, সেই দিশতো অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *