জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে চলি থকা সংঘৰ্ষত বৃহস্পতিবাৰে দুটা সন্ত্ৰাসবাদী নিহত হয় ৷ ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছে বৃহস্পতিবাৰে পুৱা এক্সত এটা পোষ্টত এই তথ্য নিশ্চিত কৰে ৷
সেনা বিষয়াই জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ৯ বজাত মাজালতাৰ দুৰ্গম ব্ৰাটেল ছ’নে আৰু খুব্বান অঞ্চলত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ চলাচলৰ তথ্য লাভ কৰাৰ পিছতে সেনা, আৰক্ষী আৰু চি আৰ পি এফে যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *