ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া দহিছে দেশৰ সৰ্বসাধাৰণ গ্ৰাহকক। পেট্ৰ’ল আৰু ডিজেলৰ জুইচাই দামৰ পাছত মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতি কিলোগ্ৰাম পুনৰ ২ টকাকৈ বৃদ্ধি কৰা হ’ল চি এন জিৰ মূল্য। বিগত দুটা সপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বৃদ্ধি কৰা হয় চিএনজিৰ মূল্য।

নতুন নিৰ্দেশনা অনুসৰি মঙলবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হোৱা এই নতুন দৰৰ পিছত দিল্লীত বৰ্তমান চি এন জিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮৩.০৯ টকা স্পৰ্শ কৰে। কেৱল দিল্লীতে নহয়, বৰঞ্চ নতুন দৰ মৰ্মে নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদত চি এন জিৰ মূল্য ৮৯.৭০ টকালৈ বৃদ্ধি পাইছে। আনহাতে বাণিজ্যিক নগৰী মুম্বাইতো একেধৰণৰ মূল্যবৃদ্ধিৰ পাছত চি এন জি বৰ্তমান প্ৰতি কিলোগ্ৰামত ৮৪ টকাত বিক্ৰী হৈছে।

বৈশ্বিক বজাৰত খাৰুৱা তেলৰ মূলধ্বনিত হোৱা তাৰতম্য আৰু পশ্চিম এছিয়াত অব্যাহত থকা ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবেই ভাৰতীয় তৈল বিপণন সংস্থাসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰে। সোমবাৰে দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য চতুৰ্থবাৰৰ বাবে বৃদ্ধি পোৱাৰ পাছত দিল্লীত প্ৰথমবাৰৰ বাবে পেট্ৰ’লৰ লিটাৰে ১০০ টকাৰ সীমা অতিক্ৰম কৰে। নতুন দিল্লীৰ বজাৰত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’ল ১০২.১২ টকা আৰু ডিজেল ৯৫.২০ টকাত বিক্ৰী হৈছে।

একেদৰে কলকাতা, মুম্বাই আৰু চেন্নাইৰ দৰে মহানগৰীসমূহতো পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ গ্ৰাহকৰ লগতে পৰিবহন সংস্থাসমূহৰ ওপৰত এক চৰম আৰ্থিক বোজা জাপি দিছে। নতুন দৰ অনুসৰি কলকাতাত প্ৰতি লিটাৰ পেট্ৰ’ল ১১৩.৫১ টকা হৈছে। মুম্বাইত পেট্ৰ’লৰ মূল্য ১১১.২১ টকা আৰু ডিজেল ৯৭.৮৩ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে চেন্নাইত পেট্ৰ’ল ১০৭.৭৭ টকা আৰু ডিজেল ৯৯.৫৫ টকাত বিক্ৰী হৈছে।

বিশেষকৈ দিল্লী আৰু মুম্বাইৰ দৰে মেট্ৰ’ চহৰসমূহত যাত্ৰীবাহী বাছ, টেক্সী আৰু অট’ৰিক্সা চি এন জি ইন্ধনেৰে পৰিচালিত হোৱাৰ বাবে এই মূল্যবৃদ্ধিয়ে ৰাজহুৱা পৰিবহন সেৱাত এক ব্যাপক প্ৰভাৱ পেলাব। ইফালে, আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় তেল সৰবৰাহৰ গুৰুত্বপূৰ্ণ পথ হৰমুজ প্ৰণালী বন্ধ হৈ থকা কাৰ্যই খাৰুৱা তেলৰ বজাৰত ব্যাপক যোগান সংকটৰ সৃষ্টি কৰিছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেণ্ট ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত ৯৮ ডলাৰ আৰু ডব্লিউ টি আই ক্ৰুডৰ মূল্য ৯১ ডলাৰত ব্যৱসায় হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *