পশ্চিম এচিয়াত অব্যাহত থকা তীব্ৰ উত্তেজনাৰ মাজতে ইৰানৰ ওপৰত মঙলবাৰে চলাবলগীয়া সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰাখিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। কাটাৰ, চৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ শীৰ্ষ নেতৃবৃন্দৰ বিশেষ অনুৰোধৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা এই যুদ্ধসদৃশ পৰিস্থিতিত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা পাকিস্তানৰ সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কোনো মন্তব্য কৰা নাই। এক বিশেষ বিবৃতিৰ জৰিয়তে ড’নাল্ড ট্ৰাম্পে কয়, “কাটাৰৰ আমিৰ, চৌদি আৰৱৰ যুৱৰাজ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিৰ অনুৰোধ মৰ্মে মই ইৰানৰ ওপৰত হ’বলগীয়া পূৰ্বপৰিকল্পিত আক্ৰমণ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছোঁ।” বৰ্তমান এই বিষয়ত উচ্চস্তৰীয় আলোচনা চলি থকা বুলি উল্লেখ কৰি তেওঁ স্পষ্ট কৰে যে ইৰানে কোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰিব আৰু এই চৰ্ত সাপেক্ষেই এক চুক্তি সম্পন্ন কৰা হ’ব, যিটো সমগ্ৰ বিশ্বৰ বাবে গ্ৰহণযোগ্য হ’ব। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ সামৰিক বাহিনীক যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে। যদিহে ইৰানৰ সৈতে কোনো সন্তোষজনক চুক্তি সম্পন্ন নহয়, তেন্তে যিকোনো মুহূৰ্ততে দেশখনৰ ওপৰত বৃহৎ পৰিসৰৰ সামৰিক আক্ৰমণ চলোৱা হ’ব বুলিও ট্ৰাম্পে হুংকাৰ প্ৰদান কৰে। আনহাতে, পৰিস্থিতি পৰ্যালোচনাৰ বাবে মাৰ্কিন প্ৰশাসনে শীৰ্ষ ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ সৈতে এক জৰুৰী বৈঠকত বহাৰ সম্ভাৱনা আছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation উত্তৰাখণ্ডত নিয়ন্ত্ৰণ হেৰুৱাই ৰে’লপথৰ পৰা চিটিকি পৰিল উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টাকৈ ডবা; কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ প্ৰযুক্তি বিশেষজ্ঞ ৰবীন্দ্ৰন ছানমুগাম এতিয়া টিভিএছ মটৰৰ নতুন সঞ্চালক