গৰমৰ বন্ধত ফুৰিবলৈ গৈ একেলগে মৃত্যুক সাৱটিবলগীয়া হ’ল দুখন ৰাজ্যৰ দুটাকৈ পৰিয়াল। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ অত্যন্ত দুৰ্গম আৰু বৰফেৰে আবৃত সাচ পাছ অভিমুখে গৈ থকাৰ সময়তে এখন নিয়ন্ত্ৰণহীন বাহন প্ৰায় ৫০০ মিটাৰ দ খাৱৈত বাগৰি পৰাত থিতাতে প্ৰাণ হেৰুৱায় ৮ গৰাকীকৈ পৰ্যটকে। নিহতসকলৰ ভিতৰত বাংগালুৰু আৰু ছত্তীশগড়ৰ দুটা দম্পতী আৰু দুটি শিশু আছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বাংগালুৰুৰ এটা পৰিয়ালে ডেলহাউছিৰ পৰা বৰফেৰে আবৃত পাহাৰীয়া অঞ্চলসমূহ ফুৰিবৰ বাবে এখন টেক্সি ভাড়া কৰিছিল। পৰৱৰ্তী সময়ত হিল ষ্টেচনটোত থকা ছত্তীশগড়ৰ আন এটা পৰ্যটক পৰিয়ালেও তেওঁলোকৰ সৈতে একেখন বাহনতে যাত্ৰা আৰম্ভ কৰে। শুকুৰবাৰে আটাইকেইজনে বাইৰাগড়-কিল্লাৰ পথ হৈ সাচ পাছ অভিমুখে ৰাওনা হয়।

ইফালে, নিৰ্ধাৰিত সময় অতিক্ৰম কৰাৰ পিছতো টেক্সিখন ডেলহাউছিলৈ ঘূৰি নহাত বাহনখনৰ মালিকে জিপিএছ যোগে অনুসন্ধান চলায়। অনুসন্ধানত বাহনখন কালাবান নামৰ অঞ্চলটোত দীৰ্ঘ সময় ধৰি ৰৈ থকা প্ৰত্যক্ষ কৰি মালিকগৰাকীয়ে লগে লগে স্থানীয় প্ৰশাসনক অৱগত কৰে। ইয়াৰ পিছতে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ দ খাৱৈত বাহনখন বাগৰি থকা প্ৰত্যক্ষ কৰে। ইতিমধ্যে উদ্ধাৰকাৰী দলে বাহনখনৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *