সান্ধ্য আইন উলংঘন কৰি ৰাজহুৱা সম্পত্তিৰ হানি কৰাৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে ১৯ জন ব্যক্তিক আটক কৰিছে। ১৯ এপ্ৰিলত বৃহত্তৰ ইম্ফল অঞ্চলৰ বিভিন্ন স্থানত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে এই লোকসকলক কৰায়ত্ত কৰে। জানিব পৰা মতে, ধৃত ব্যক্তিসকলে সান্ধ্য আইনৰ মাজতে পথ অৱৰোধ কৰি বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে চৰকাৰী সম্পত্তিৰো ক্ষতিসাধন কৰিছিল।

আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, সংবেদনশীল অঞ্চলসমূহত শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে প্ৰশাসনে। বিভিন্ন স্থানত পথ অৱৰোধ কৰাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে সমন্বিতভাৱে এই তালাচী অভিযান চলায়। আটক কৰা লোকসকলৰ ভিতৰত ৩৩ বছৰীয়া নংথোমবাম লোলিন মিতেই, ২৮ বছৰীয়া চামুৰাইলটপম শিবানন্দ শৰ্মা, চিলিমপোকপম ৰমেশ মিতেই আৰু গু্লিট থংগামকে ধৰি ১৯ জন ব্যক্তি আছে।

আৰক্ষীৰ সূত্রই সদৰী কৰা মতে, ধৃত প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে নিৰ্দিষ্ট ধাৰাত গোচৰ ৰজু কৰিছে তদন্তকাৰী বিষয়াই। জানিব পৰা মতে, এই সমগ্ৰ ঘটনাৰ অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীৰ অনুসন্ধান প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। চৰকাৰী বাধা-নিষেধ উলংঘন কৰা যিকোনো লোকৰ বিৰুদ্ধে অনাগত দিনতো আৰক্ষীৰ এনে কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা জাৰি থাকিব বুলি সতৰ্কবাণী প্ৰদান কৰে প্ৰশাসনে। ইম্ফলৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইনৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছে মণিপুৰ আৰক্ষীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *