কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) এ সোমবাৰে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰো উত্তীৰ্ণৰ শতাংশৰ ক্ষেত্ৰত ছাত্ৰীয়ে আকৌ এবাৰ ছাত্ৰক অতিক্ৰম কৰে। একে সময়তে, যোৱা বছৰৰ তুলনাত ৯০ আৰু ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফলত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ শতাংশ যোৱা বছৰৰ তুলনাত ০.৪৮ শতাংশ বৃদ্ধি হৈ ৯৩.৬০ শতাংশলৈ উন্নীত হৈছে। একেদৰে, দ্বাদশ শ্ৰেণীত, ৮৭.৯৮ শতাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল, যি যোৱা বছৰৰ তুলনাত ০.৬৫ শতাংশ অধিক। দশম শ্ৰেণীৰ ফলাফলত, ৯৪.৭৫ শতাংশ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ছাত্ৰৰ তুলনাত ২.০৪ শতাংশ অধিক ছাত্ৰী উত্তীৰ্ণ হয়। দ্বাদশ শ্ৰেণীত, ছাত্ৰীৰ উত্তীৰ্ণৰ শতাংশ ছাত্ৰতকৈ ৬.৪০ শতাংশ অধিক। চিবিএছইয়ে এই বছৰ পৰীক্ষাত যোগ্যতা-আধাৰিত প্ৰশ্নৰ সংখ্যা বৃদ্ধিৰ বাবে উত্তীৰ্ণৰ শতাংশ বৃদ্ধিৰ কথা দোহাৰিছে। পৰিষদৰ মতে, দ্বাদশ শ্ৰেণীত ১.১৬ লাখ শিক্ষাৰ্থীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। আনহাতে ২৪,০৬৮ জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰাত সফল হৈছে। যোৱা বছৰ, ১.১২ লাখ শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছিল আৰু ২২,৬২২ জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছিল। দশম শ্ৰেণীৰ পৰীক্ষাত ৪৭,০০০ তকৈও অধিক শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। আনহাতে ২.১২ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। যোৱা বছৰ, দশম শ্ৰেণীৰ পৰীক্ষাত ১.৯৫ লাখ শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছিল, আনহাতে ৪৪,২৯৭ জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছিল। Share this:FacebookX Related Post navigation উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল উম্মে ইয়াচমিন এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন