সকলো জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি পুৱা ৯ বজাত ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ব্যতিক্ৰমভাৱে এইবাৰ ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিয়নো পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত কলা শাখাত উত্তীৰ্ণ হাৰ আছিল ৭০.১২ শতাংশ। অৰ্থাৎ বিগত বৰ্ষৰ তুলনা এইবাৰ উত্তীৰ্ণ হাৰ বহু বেছি। আনহাতে, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ আছিল ৮৪.৯৬ শতাংশ। একেদৰে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ আছিল ৭৯.৫৭ শতাংশ। অৰ্থাৎ তিনিওটা শাখাতে ২০২৩ বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ঠ উন্নত। উল্লেখ্য যে এইবাৰ কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী। আনহাতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৬৫,৫৩২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৭২,৭৭৫ গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২৩,৫৫২ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ১৭,৩৩৯জন, তৃতীয় বিভাগত উত্তীৰ্ণ ৮,০৬২ গৰাকী শিক্ষাৰ্থী। বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৫,৯১৫ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬,০৮৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৪ গৰাকী শিক্ষাৰ্থী। একেদৰে এইবাৰৰ ফলাফল অনুসৰি, উত্তীৰ্ণৰ হাৰত কলা শাখাত শীৰ্ষত জিলিকি উঠে বাক্সা জিলা। বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.৪৪ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত নলবাৰী জিলা, নলবাৰী জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.০৩ শতাংশ। তৃতীয় স্থানত আছে দৰং জিলা, দৰঙৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৬.৫৯ শতাংশ। বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা। তামুলপুৰ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.৯৮ শতাংশ। আনহাতে, বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগৰ জিলা। শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.৪২ শতাংশ। Share this:FacebookX Related Post navigation ৪০০ ৰো অধিক শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান আৰণ্যক-ডিএছডব্লিউএফৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল উম্মে ইয়াচমিন