নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ অংশ হিচাবে আজি দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মৰিকলং অঞ্চলত নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। অভিযানৰ সময়ত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰে। মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী জন হল তেজা চৌহান। অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে চৌহানক জেৰা অব্যাহত ৰাখিছে।উল্লেখ যে তেজা চৌহান দীৰ্ঘদিনৰ পৰাই ড্ৰাগছ সৰবৰাহৰ লগত জৰিত।

Leave a Reply

Your email address will not be published. Required fields are marked *