‘ৰামায়ণ’ৰ চমকপ্ৰদ সফলতা! বিশ্বজুৰি বক্স অফিচত ১৭০০ কোটি টকাৰ সংগ্ৰহ

ভাৰতীয় চিনেমা জগতত ‘ৰামায়ণ’ক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা। ছবিখনে বিশ্বজুৰি বক্স অফিচত ১৭০০ কোটি টকা সংগ্ৰহ কৰি লাভ কৰিছে চমকপ্ৰদ সফলতা।

এই অভূতপূৰ্ব সফলতাৰ পাছতেই নতুন পৰিকল্পনা হাতত লৈছে ছবিখনৰ নিৰ্মাতাসকলে। জানিব পৰা মতে, ‘ৰামায়ণ’ৰ সফলতাক আধাৰ হিচাপে লৈ আগন্তুক সময়ত ২৫খন নতুন ছবি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্মাতাসকলে।

এই সিদ্ধান্তই ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ লগতে দৰ্শকৰ মাজতো সৃষ্টি কৰিছে ব্যাপক উৎসুকতা।

‘ৰামায়ণ’ৰ সফলতাৰ পাছত নিৰ্মাণ হ’বলগীয়া ২৫খন ছবিৰ পৰিকল্পনাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *