পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপতিমাত বনৰীয়া হাতীৰ তাণ্ডৱত ত্ৰাসিত হৈ পৰে গঞা। উল্লেখ্য যে কালি নিশা প্ৰায় দুই বজাত চাৰিটাকৈ বনৰীয়া হাতীয়ে গাঁওখনৰ দিপালী কলিতা নামৰ মহিলাগৰাকীৰ চৌহদৰ পকীবেৰ ভাঙি ঘৰৰ চোতালত প্ৰৱেশ কৰে। হাতীকেইটাই প্ৰথমে ভঁৰাল ঘৰটোৰ বেৰ ভাঙি ধানৰ ডুলি এটি বাহিৰলৈ টানি আনি প্ৰায় ৮–৯ মোন ধান খায় উদং কৰে। লগতে চোতালৰ কাষৰ গছ–গছনি, পানীৰ টেংকি আজুৰি–ভাঙি লণ্ড–ভণ্ড কৰি দিয়ে। ইয়াৰ পাছত হাতীকেইটাই মহিলাগৰাকীৰ ঘৰৰ চোতালত অৱস্থান কৰে। ইপিনে হাতীৰ তাণ্ডৱত জীউ উৰি যোৱাৰ উপক্ৰম ঘটিছিল মাক–পুতেক দিপালী কলিতা আৰু কৌশিক কলিতাৰ। গাঁওবাসীৰ সহায়ৰ বাবে চিঞৰ–বাখৰ কৰিছিল। কিন্তু সেই সময়ত বৰষুণ পৰি আছিল আৰু হাতীৰ আক্ৰমণৰ ভয়ত মাক–পুতেকহালক সহায়ৰ বাবে গাঁৱৰ কোনোলোক ওলাই আহিবলৈ সাহস কৰা নাছিল। প্ৰায় চাৰি ঘণ্টা ধৰি শ্বাসৰূদ্ধ তাণ্ডৱ চলোৱা হাতীকেইটাই পুৱতি নিশা নিজে নিজে আঁতৰি আহে। Share this:FacebookX Related Post navigation অৰুণাচলত সেনা, আইটিবিপিৰ যুটীয়া প্ৰশিক্ষণ; পৰিচালন সমন্বয় বৃদ্ধিৰ লক্ষ্য অৱতৰণৰ সময়তে পাকিস্তানৰ আকাশসীমাত সোমাল এয়াৰ ইণ্ডিয়াৰ বিমান; ক্ৰুৰ বিৰুদ্ধে ব্যৱস্থা