অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভাগ্য নিৰ্ণয়ৰ বাবে আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। ৰাজ্যৰ ৩৫খন জিলাৰ ৩১,৪৯০টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, পুৱা ৯ বজালৈকে সমগ্ৰ ৰাজ্যত ১৭.৮৭ শতাংশ ভোটদান সাব্যস্ত হৈছে। পুৱাৰ ভাগত অভয়াপুৰীত ১৮.৭৫ শতাংশ, সৃজনগ্ৰামত ১৮.০৭ শতাংশ আৰু শিৱসাগৰত ১৮.৫২ শতাংশ ভোটদান হয়। সমগ্ৰ ৰাজ্যত শান্তিপূৰ্ণভাৱে ভোটদান অব্যাহত আছে। ইফালে, আজি পুৱাই জালুবাৰী সমষ্টিৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে কামাখ্যা মন্দিৰত আশীৰ্বাদ লয়। আনহাতে, বঙাইগাঁৱৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। ভোটদানৰ পাছত তেওঁ কয়, “অসমৰ ৰাজনৈতিক সংস্কৃতি বিহাৰতকৈ পৃথক, ইয়াত নিৰ্বাচনী হিংসাৰ স্থান নাই।” ইফালে টিংখঙত মন্ত্ৰী বিমল বৰাক সাধাৰণ ভোটাৰৰ সৈতে শাৰীত থিয় হৈ ভোটদান কৰা দেখা যায়। ৰাজ্যৰ নতুন ভৱিষ্যত গঢ়াৰ স্বাৰ্থত ভোটাৰসকলক ওলাই আহিবলৈ আহ্বান জনায় বিৰোধী দলৰ কেইবাজনো নেতাই। যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কয়, “অসমৰ জনসাধাৰণে গণতন্ত্ৰক শক্তিশালী কৰিবলৈ আজি এক নিৰ্ণায়ক ভূমিকা পালন কৰিব।” ইফালে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিভাজনৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰি উন্নয়নৰ স্বাৰ্থত ভোট দিবলৈ আহ্বান জনায়। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও অসমৰ ভোটাৰক এই গণতান্ত্ৰিক উৎসৱত অংশ ল’বলৈ শুভেচ্ছা জ্ঞাপন কৰে। নিৰ্বাচনী ব্যস্ততাৰ মাজতে ধুবুৰীৰ গৌৰীপুৰত এক শোকাৱহ ঘটনা সংঘটিত হয়। ভোটদানৰ বাবে শাৰীত থিয় হৈ থকা অৱস্থাতে বাবৰ আলী নামৰ এজন ভোটাৰৰ আকস্মিক মৃত্যু ঘটে। আনহাতে, কামপুৰৰ ৪২ আৰু ৪৭ নম্বৰ কেন্দ্ৰত ভোটদানত বিলম্ব হোৱাৰ বাবে ভোটাৰৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা দেখা যায়। উল্লেখ্য যে আজিৰ এই নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, বদৰুদ্দিন আজমল, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈসহ মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিৰ্বাচনৰ এই গুৰুত্বপূৰ্ণ ক্ষণত ভোটাৰসকলক বিপুল সংখ্যাত ওলাই আহি গণতন্ত্ৰৰ এই উৎসৱ সফল কৰিবলৈ অনুৰোধ জনাইছে। Share this:FacebookX Related Post navigation আৰএছএছক ‘বিষাক্ত সাপ’ৰ সৈতে তুলনা! দিছপুৰ আৰু শিলচৰত মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে এজাহাৰ দাখিল অসমত উন্নয়নৰ অৰ্থই হৈছে মোদী আৰু হিমন্তঃ জাগীৰোডত পীযুষ হাজৰিকাৰ মন্তব্য