দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা আৰু কৰ্মসূত্ৰে থকা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ নিৰাপত্তাক লৈ নতুনকৈ আৰম্ভ হোৱা বিতৰ্কৰ মাজতে ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে। সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, বৰ্তমানলৈকে চলোৱা তদন্তত এই হত্যাকাণ্ডৰ আঁৰত কোনো ধৰণৰ বৰ্ণবৈষম্যমূলক আচৰণ বা জাতিগত আক্ৰোশৰ প্ৰমাণ পোৱা হোৱা নাই। তদন্তকাৰী বিষয়া পি ডি ভট্টই স্পষ্ট কৰি দিয়ে যে এঞ্জেল আৰু তেওঁৰ ভাতৃৰ ওপৰত কৰা আক্ৰমণৰ পূৰ্বে বৰ্ণবৈষম্যমূলক মন্তব্য কৰা বুলি যি অভিযোগ উত্থাপন হৈছে, তাৰ কোনো শক্তিশালী ভিত্তি নাই। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা মতে, এই ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ ভিতৰত এজন মণিপুৰৰ বাসিন্দা। সূৰজ নামৰ এই অভিযুক্তজনে এখন সুৰাৰ দোকানৰ ওচৰত নিজ পুত্ৰৰ জন্মদিন উদযাপন কৰি থকাৰ সময়তে এঞ্জেল আৰু মাইকেলৰ সৈতে এক তৰ্কত লিপ্ত হৈছিল। এই সাধাৰণ তৰ্কই পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু তাৰ পৰিণতিতে এঞ্জেল চাকমাৰ হত্যা হয়। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলে দাবী কৰিছে যে বৰ্তমান পলাতক অৱস্থাত থকা আন এজন অভিযুক্তইহে আচলতে এঞ্জেলক চোকা অস্ত্ৰৰে আঘাত কৰিছিল। অৱশ্যে মৃত এঞ্জেলৰ ভাতৃ মাইকেলে পূৰ্বৰ অভিযোগতে অটল থাকি কয় যে তেওঁলোকক উদ্দেশ্য কৰি সুৰাপায়ী দলটোৱে বৰ্ণবৈষম্যমূলক গালি-গালাজ কৰিছিল আৰু তাৰ প্ৰতিবাদ কৰাৰ বাবেই এই আক্ৰমণৰ বলি হ’বলগীয়া হ’ল। ইফালে, এঞ্জেলৰ পিতৃ তৰুণ প্ৰসাদ চাকমাই চৰকাৰক সকলো নাগৰিকৰে সমান সুৰক্ষা সুনিশ্চিত কৰিবলৈ কৰুণ আহ্বান জনাইছে। তেওঁৰ মতে, দিল্লী বা বেংগালুৰুৰ দৰে চহৰলৈ যোৱা উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় হিচাপে সন্মানীয় ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী। বৰ্তমান আৰক্ষীয়ে পলাতক অভিযুক্তজনক বিচাৰি তালাচী অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation ‘বন্দে মাতৰম’ক ঘৃণাৰ ভাষা ৰূপ দিছে বিজেপিয়েঃ কংগ্ৰেছ নেতা সুৰজেৱালা যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু প্ৰিয়ংকা পুত্ৰ ৰাইহান, সম্পন্ন হ’ল বাগদান পৰ্ব