ভাৰত মণ্ডপমৰ হাই-প্ৰফাইল সন্মিলনত চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিবক শনিবাৰে আদালতে জামিন প্ৰদান কৰিছে। চাৰিদিনীয়া আৰক্ষী জিম্মাৰ অন্তত মাজনিশা প্ৰায় ১ বজাত ডিউটি মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰোৱা হৈছিল চিবক। দিল্লী আৰক্ষীয়ে পুনৰ সাত দিনৰ জিম্মা বিচাৰিছিল যদিও মেজিষ্ট্ৰেট বংশিকা মেহতাই সেই আবেদন খাৰিজ কৰি ৫০ হাজাৰ টকাৰ জামিন বণ্ডৰ বিনিময়ত তেওঁক মুক্তিৰ নিৰ্দেশ দিয়ে। যোৱা ২৪ ফেব্ৰুৱাৰীত ‘ইণ্ডিয়া এআই ইমপেক্ট ছামিট’ চলি থকাৰ সময়তে উদয় ভানু চিবৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰীসকলে চোলা খুলি ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতা কৰি চৰকাৰ বিৰোধী শ্ল’গান দিছিল। এই ঘটনাক লৈয়েই দিল্লী আৰক্ষীয়ে তেওঁক জিম্মাত লৈছিল যদিও তদন্তৰ অগ্ৰগতিৰ কোনো সঠিক কাৰণ দৰ্শাব নোৱাৰাত আদালতে তেওঁক জামিন দিয়ে। আদালতে জামিনৰ চৰ্ত হিচাপে চিবক নিজৰ পাছপ’ৰ্ট আৰু ইলেক্ট্ৰনিক সঁজুলিসমূহ জমা দিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত অভিযুক্তৰ অধিবক্তাই কয়, “মেজিষ্ট্ৰেটে জামিনৰ আদেশত স্পষ্ট কৰি দিছে যে আৰক্ষীৰ অপৰাধ শাখাই মোৰ মক্কেলৰ জিম্মা বৃদ্ধিৰ বাবে কোনো যুক্তিসংগত কাৰণ দাঙি ধৰিব পৰা নাই।” তেওঁ লগতে কয়, “আদালতে আমাৰ যুক্তি গ্ৰহণ কৰিছে আৰু ন্যায় প্ৰদান কৰিছে।” অধিবক্তাগৰাকীৰ মতে, তদন্তৰ নামত আৰক্ষীয়ে অযথা জিম্মা বিচাৰিছিল যদিও আদালতে তাক নাকচ কৰি চিবৰ মুক্তিৰ পথ প্ৰশস্ত কৰিলে। Share this:FacebookX Related Post navigation ডিব্ৰুগড় আৰু ধুবুৰীত অত্যাধুনিক শুল্ক তথা অভিবাসন চৌহদ মুকলি; জল পৰিবহণৰ কেইবাটাও প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পশু বিকাশ দিৱসৰ জৰিয়তে SMFG ইণ্ডিয়া ক্ৰেডিটে “সৰ্বোত্তম সেৱা” আগবঢ়ায়; 1.55 লাখৰো অধিক গ্ৰাম্য জীৱন প্ৰভাৱিত কৰে