টিভিএছ মটৰ কোম্পানীয়ে ধ্বজাবাহী নেকড ষ্ট্ৰীট বাইকৰ ২০২৫ বৰ্ষৰ সংস্কৰণ টিভিএছ আপাচি আৰটিআৰ ৩১০ মুকলি কৰিছে, যিয়ে অত্যাধুনিক প্ৰযুক্তি, বলিষ্ঠ ষ্টাইল আৰু ছেগমেণ্টৰ প্ৰথম বৈশিষ্ট্যৰে পথৰ প্ৰদৰ্শনক ন ৰূপত সংজ্ঞায়িত কৰিছে। ২.৩৯ লাখৰ পৰা ২.৭৫ লাখ (এক্স-শ্ব’ৰুম)লৈ মূল্যৰ এই নতুন মডেলটো ১৬ জুলাইত বেংগালুৰুত মুকলি কৰা হৈছিল আৰু এতিয়া গুৱাহাটীকে ধৰি প্ৰধান মেট্ৰ’চহৰসমূহত উপলব্ধ। এটা অ’বিডি২বি-সংগতিপূৰ্ণ ইঞ্জিনৰ সৈতে সজ্জিত, আৰটিআৰ ৩১০-এ বাস্তৱ সময়ৰ নিৰ্গমন নিৰীক্ষণ, তাৎক্ষণিক সঁহাৰি আৰু বহু-ভাষী ইউআইৰ সৈতে এটা জেন-২ ডিজিটেল ক্লাষ্টাৰ প্ৰদান কৰিছে। ৰাইডাৰসকলে ফেক্টৰী-কাষ্টমাইজড বিল্ট-টু-অৰ্ডাৰ (বিটিঅ’) সংস্কৰণৰ বিকল্পও গ্ৰহণ কৰিব পাৰে, য’ত কৰ্নাৰিং ড্ৰেগ টৰ্ক কণ্ট্ৰল, লঞ্চ কণ্ট্ৰল আৰু কি-লেছ ৰাইডৰ দৰে উচ্চ-কাৰ্যক্ষম এড-অন বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰিছে।

২০২৫ বৰ্ষৰ আপাচিত তিনিটা নতুন আকৰ্ষণীয় ৰঙৰ বিকল্প, হেণ্ড গাৰ্ড, ক্ৰমিক টাৰ্ন ইণ্ডিকেটৰ আৰু এটা স্বচ্ছ ক্লাচ কভাৰ সুবিধাও প্ৰদান কৰিছে। ৯,৭০০ আৰপিএমত ৩৫.৬ পিএছ আৰু ৬,৬৫০ আৰপিএমত ২৮.৭ এনএম প্ৰদান কৰা এই ফ্ৰীষ্টাইলাৰে উৎসাহেৰে ভৰপূৰ অথচ বহনক্ষম ৰাইডৰ প্ৰতিশ্ৰুতি দিছে। যুৱ পেছাদাৰী আৰু ষ্ট্ৰীট ৰাইডিং অনুৰাগীসকলৰ মাজত প্ৰিমিয়াম প্ৰদৰ্শন বাইকৰ চাহিদা বৃদ্ধি পোৱা গুৱাহাটী মহানগৰীত ডিলাৰসমূহে অধিক অনুসন্ধানৰ বাতৰি প্ৰকাশ কৰিছে। স্থানীয় শ্ব’ৰুমৰ এজন কাৰ্যবাহীয়ে কয় যে, “প্ৰযুক্তিৰে ভৰপূৰ আপাচি আৰটিআৰ ৩১০ আমাৰ নগৰীয়া গ্ৰাহকৰ বিকশিত ৰুচিৰ সৈতে ভালদৰে সংগতি ৰাখে।”

এই শুভাৰম্ভণিৰ কথা সদৰি কৰি টিভিএছ মটৰ কোম্পানীৰ প্ৰিমিয়ামৰ ব্যৱসায়ৰ মুৰব্বী বিমল ছাম্বলীয়ে কয় যে, “টিভিএছ এপাচি আৰটিআৰ ৩১০ নেকেড স্পৰ্টছ ছেগমেণ্টত নিজৰ আত্মপ্ৰকাশৰ পিছৰে পৰা এক ট্ৰেণ্ডছেটাৰ হৈ আহিছে। 

২০২৫ বৰ্ষৰ সংস্কৰণৰ জৰিয়তে আমি ভৱিষ্যতৰ বাবে সাজু প্ৰযুক্তি, স্বজ্ঞাত ডিজিটেল ইণ্টাৰফেচ, উৎকৃষ্ট ষ্টাইল আৰু ৰাইডাৰ সুৰক্ষাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰে একত্ৰিত কৰি নিজৰ বলিষ্ঠ উত্তৰাধিকাৰ প্ৰস্তুত কৰি আছো।  এই সতেজ ফ্ৰীষ্টাইলৰে মটৰচাইকেল চলোৱাৰ নতুন যুগক প্ৰতিফলিত কৰে, যি সংযুক্ত, স্বনিৰ্ধাৰণযোগ্য আৰু বহনক্ষমতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিদিনে সীমা অতিক্ৰম কৰিবলৈ জীয়াই থকা আমাৰ টিভিএছ এপাচি ৰাইডাৰসকলৰ সম্প্ৰদায়লৈ এই উন্নত অভিজ্ঞতা কঢ়িয়াই আনিবলৈ পাই আমি অতিশয় আনন্দিত”।

Leave a Reply

Your email address will not be published. Required fields are marked *