টিভিএছ মটৰ কোম্পানীয়ে ঘোষণা কৰিছে যে নিজৰ জনপ্ৰিয় স্কুটাৰ টিভিএছ জুপিটাৰে সামগ্ৰিকভাৱে ১ কোটি বাহন উৎপাদনৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে, যাৰ ফলত ই এই কৃতিত্ব অৰ্জন কৰা ভাৰতৰ আটাইতকৈ দ্ৰুতবেগী আৰু কনিষ্ঠতম স্কুটাৰ ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। যোৱা ২৪ নৱেম্বৰত তামিলনাডুৰ হোছুৰস্থিত কোম্পানীটোৰ উৎপাদন কেন্দ্ৰৰ পৰা স্কুটাৰখন মুকলিৰ জৰিয়তে এই ঐতিহাসিক মাইলৰ খুঁটিৰ সূচনা কৰিলে।
২০১৩ চনত জ্যাদা কা ফায়দা দৰ্শনৰ সৈতে বজাৰত মুকলি কৰা টিভিএছ জুপিটাৰে বিগত ১৩ বছৰত পাৰিবাৰিক যাতায়াতৰ বাবে এক অন্যতম প্ৰধান পছন্দ হিচাপে নিজকে গঢ়ি তুলিছে, যিয়ে উৎকৃষ্ট প্ৰদৰ্শন, মাইলেজ, আৰাম আৰু সুবিধা প্ৰদান কৰি আহিছে। ব্ৰেণ্ডটোৱে প্ৰথম ৯ বছৰত ৫ মিলিয়ন উৎপাদনৰ লক্ষ্যত উপনীত হৈছিল আৰু পৰৱৰ্তী ৫ মিলিয়ন উৎপাদন মাত্ৰ ৪ বছৰৰ ভিতৰতেই সম্পূৰ্ণ কৰিছে, যিয়ে সমগ্ৰ দেশতে ইয়াৰ বৰ্ধিত জনপ্ৰিয়তাকে প্ৰতিফলিত কৰিছে।
টিভিএছ জুপিটাৰ ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ স্কুটাৰ ব্ৰেণ্ড হিচাপেও আত্মপ্ৰকাশ কৰিছে আৰু স্কুটাৰ অৱ দ্য ইয়েৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২০২১ চনত জুপিটাৰ ১২৫ আৰু ২০২৪ চনত নতুন ৰূপত সজাই তোলা জুপিটাৰ ১১০ মুকলিৰ লগে লগে নিজৰ সামগ্ৰীৰ পৰিসৰ অধিক সম্প্ৰসাৰিত হয়। মুকলিৰ ছমাহৰ ভিতৰতে নতুন জুপিটাৰ ১১০-এ সৰ্বাধিক বঁটাপ্ৰাপ্ত ‘স্কুটাৰ অৱ দ্য ইয়েৰ’ হিচাপে পৰিগণিত হৈছিল।
টিভিএছ মটৰ কোম্পানীৰ ইণ্ডিয়া টু-হুইলাৰ বিজনেছৰ পিপল মবিলিটী বিভাগৰ জ্যেষ্ঠ উপাধ্যক্ষ অনিৰুদ্ধ হালদাৰে কয় যে, এই মাইলৰ খুঁটিয়ে ১ কোটি গ্ৰাহকৰ আস্থা আৰু কোম্পানীটোৰ কৰ্মচাৰী, ডিলাৰ অংশীদাৰ তথা যোগানকাৰীসকলৰ সামূহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। হালদাৰে লগতে উল্লেখ কৰে যে, ভাৰতৰ পৰিৱৰ্তিত যাতায়াতৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কোম্পানীটোৱে ভৱিষ্যতেও এই স্কুটাৰখনৰ অধিক বিকাশ সাধন কৰি যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *