টিভিএছ মটৰ কোম্পানীয়ে নিজৰ ধ্বজাবাহী ইলেক্ট্ৰিক স্কুটাৰ টিভিএছ আইকিউবৰ বাবে দেশজোৰা নতুন অভিযান আৰম্ভ কৰিছে, ইয়াক “ভাৰতৰ প্ৰিয় পৰিয়ালৰ ইভি” হিচাপে স্থান প্ৰদানৰ লগতে এইপৰ্যন্ত অন্যতম ডাঙৰ টেলিভিছন প্ৰচাৰ অভিযানৰ সূচনা কৰিছে। এই অভিযানে সমগ্ৰ দেশৰ ৮.৫ লাখৰো অধিক পৰিয়ালৰ সৈতে গঢ় লৈ উঠা শক্তিশালী আৱেগিক সংযোগক উজ্বল কৰি তুলিছে আৰু ভাৰতৰ বৈদ্যুতিক গতিশীলতা যাত্ৰাত ব্ৰেণ্ডটোৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰিছে। এক উচ্চ-প্ৰভাৱশালী প্ৰচাৰ অভিযান আইপিএল আৰু চলচ্চিত্ৰকে ধৰি প্ৰধান প্লেটফৰ্মসমূহত প্ৰদৰ্শিত হ’ব, যাৰ লক্ষ্য হৈছে এক বিস্তৃত আৰু বৈচিত্ৰ্যময় দৰ্শকৰ ওচৰলৈ কাষ চপাই নিয়া। টিভিএছ মটৰে কয় যে, এই অভিযানে গ্ৰাহক-চালিত উদ্ভাৱন আৰু দৈনন্দিন ব্যৱহাৰযোগ্যতাৰ ওপৰত নিজৰ গুৰুত্ব প্ৰতিফলিত কৰে।প্ৰচাৰ চলচ্চিত্ৰখনে বিদ্যালয়ৰ যাত্ৰাৰ পৰা কাৰ্যালয়ৰ যাতায়াতলৈ- দৈনন্দিন জীৱনত স্কুটাৰৰ ভূমিকা প্ৰদৰ্শন কৰে, ইয়াত পিলিয়ন বেক্ৰেষ্ট, হিল হোল্ড এছিষ্ট, স্মাৰ্ট সংযোগ আৰু বৃহৎ ষ্টৰেজৰ দৰে বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰিছে। ইয়াত এই বাৰ্তাই সন্নিৱিষ্ট হৈ আছে যে “প্ৰতিটো সুখী পৰিয়ালৰ আঁৰত এটা টিভিএছ আইকিউব থাকে”। টিভিএছ আইকিউব তিনিটা মূল নীতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে, সেয়া হৈছে-পছন্দৰ শক্তি, মনৰ প্ৰশান্তি আৰু সৰলতা-ইভি বাহন আঁকোৱালি লোৱাৰ সহজ লক্ষ্য। বৰ্তমান এই স্কুটাৰখন ৩৩০০ৰো অধিক ডিলাৰশ্বিপৰ জৰিয়তে ১০০০ৰো অধিক চহৰত উপলব্ধ। গুৱাহাটী মহানগৰীত এই প্ৰচাৰ অভিযানে ইভি সজাগতা আৰু গ্ৰহণ বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে, বিশেষকৈ ব্যয়বহুল আৰু নিৰ্ভৰযোগ্য যাতায়তৰ বিকল্প বিচৰা চহৰীয়া পৰিয়ালসমূহৰ মাজত জনপ্ৰিয়তা বাঢ়িব পাৰে। ইন্ধনৰ ব্যয় বৃদ্ধি আৰু চাৰ্জিং আন্তঃগাঁথনি উন্নত হোৱাৰ লগে লগে ডিলাৰসমূহে কয় যে অসমৰ সৰ্ববৃহৎ চহৰখনত টিভিএছ আইকিউবে ব্যৱহাৰিক পৰিয়ালৰ স্কুটাৰ হিচাপে আগ্ৰহ লাভ কৰিছে। Share this:FacebookX Related Post navigation দ্ৰুত আৰু সহজ বাহন বিনিময়ৰ বাবে সহযোগিতা নিছান আৰু স্পিনিৰ