আকাশৰ পৰা মাটিলৈ নামি অহাৰ তাড়নাত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্যোগ! সোমবাৰে মেক্সিকোৰ কেন্দ্ৰীয় অংশত এখন সৰু ব্যক্তিগত বিমানে জৰুৰী অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত কমেও দহজন লোকৰ মৃত্যু ঘটে। দুৰ্ঘটনাটোৰ এই মৃত্যুৰ কথা নিশ্চিত কৰিছে মেক্সিকো ৰাজ্যিক অসামৰিক সুৰক্ষা সমন্বয়ক এড্ৰিয়ান হাৰ্নান্দেজে।

এই ভয়াবহ দুৰ্ঘটনাটো মেক্সিকো চিটিৰ পৰা প্ৰায় ৩১ মাইল (৫০ কিলোমিটাৰ) পশ্চিমে থকা টোলুকা বিমানবন্দৰৰ ওচৰৰ ছান মাটেও এটেঙ্কো নামৰ এটা ঔদ্যোগিক অঞ্চলত সংঘটিত হৈছিল। বিমানখনে মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ একাপুলকোৰ পৰা উৰা মাৰিছিল।

হাৰ্নান্দেজে জনোৱা অনুসৰি, বিমানখনত আঠজন যাত্ৰী আৰু দুজন ক্ৰু সদস্য আছিল। দুৰ্ঘটনাত আটাইকেইজনৰে মৃত্যুৰ আশংকা কৰা হৈছে। ইতিমধ্যে সাত জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

বিমানখনে এখন ফুটবল পথাৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল বুলি অনুমান কৰা হৈছে, কিন্তু ওচৰতে থকা এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ টিনপাতৰ চালত খুন্দা মৰাৰ লগে লগে এক বৃহৎ জুইৰ সূত্ৰপাত হয়। জুইৰ ফলত অঞ্চলটোৰ প্ৰায় ১৩০ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ বাধ্য কৰোৱা হয় বুলি ছান মাতেও এটেঙ্কোৰ মেয়ৰ আনা মুনিজে জনাইছে। বৰ্তমান এই দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *