বিদেশৰ মাটিত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল উচ্চ শিক্ষা আৰু এটি সুন্দৰ ভৱিষ্যতৰ সপোন বুকুত বান্ধি সাত সাগৰ তেৰ নদীৰ পাৰলৈ যোৱা এজন মেধাৱী ভাৰতীয় ছাত্ৰই। জাৰ্মানীত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ কৰা প্ৰচেষ্টাই তেলেংগানাৰ হৃত্বিক ৰেড্ডী নামৰ যুৱকজনৰ বাবে চৰম মৰ্মান্তিক হিচাপে প্ৰমাণিত হ’ল। জানগাঁও জিলাৰ নিবাসী ২৫ বছৰীয়া হৃত্বিকে নিজৰ এপাৰ্টমেণ্টত জুই লগাৰ পাছত প্ৰাণ বচাবলৈ অট্টালিকাৰ পৰা তললৈ জঁপিয়াই দিছিল।

২০২৩ চনত জাৰ্মানীলৈ যোৱা হৃত্বিকে ইউনিভাৰ্ছিটী অৱ ইউৰোপৰ পৰা এম এছ ডিগ্ৰী সম্পূৰ্ণ কৰি তাত এটা অংশকালীন কামত নিয়োজিত হৈ আছিল। উল্লেখযোগ্য যে, অহা ১২ জানুৱাৰীত ঘৰলৈ অহাৰ বাবে তেওঁ ইতিমধ্যে বিমানৰ টিকট বুক কৰিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত এতিয়া পৰিয়ালে তেওঁৰ মৃতদেহৰ বাবেহে অপেক্ষা কৰিবলগীয়া হৈছে। যোৱা ৩০ ডিচেম্বৰত এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ইয়াৰ পাছদিনাই শোকাকুল পৰিয়ালে এই খবৰ লাভ কৰে।

ইফালে, জাৰ্মানীত থকা ভাৰতীয় সংগঠনসমূহে মৃতদেহটো স্বদেশলৈ পঠোৱাৰ বাবে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছে। হৃত্বিকৰ আত্মীয়সকলে এই সমগ্ৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰতো আবেদন জনাইছে। ৱৰাংগলৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱা এই মেধাৱী যুৱকজনৰ কৰুণ মৃত্যুৱে সমগ্ৰ জানগাঁও জিলাতে শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *