মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল ৯ গৰাকীকৈ তীৰ্থযাত্ৰীৰ। মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাত এখন বাহন পানীভৰ্তি কুঁৱাত বাগৰি পৰাৰ ফলত কমেও ৬ জন লোক গুৰুতৰভাৱে আহত হয়।

প্ৰাথমিক তথ্য অনুসৰি, দেওবাৰে সোলাপুৰ জিলাৰ মালশিৰাছ তালুকাৰ এমহাছৱাদ-পান্ধৰপুৰ পথৰ টাণ্ডুলৱাড়ী গাঁৱৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয়। সিদ্ধনাথ মন্দিৰত পূজা-অৰ্চনা সমাপন কৰি নিজ গাঁৱলৈ উভতি আহি থকা তীৰ্থযাত্ৰীসকলক কঢ়িয়াই অনা এখন পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি এটা উন্মুক্ত কুঁৱাত পৰি যায়।

দুৰ্ঘটনাৰ ফলত বাহনখনত থকা কেইবাজনো যাত্ৰী ভিতৰতে আৱদ্ধ হৈ পৰে। খবৰ লাভ কৰি আৰক্ষী, ৰাজহ বিভাগ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

স্থানীয় লোকসকলেও উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰে। ক্ৰেনৰ সহায়ত কুঁৱাৰ ভিতৰৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰা হয়।
সোলাপুৰৰ জিলা আয়ুক্ত এছ কাৰ্তিকেয়ন আৰু আৰক্ষী অধীক্ষক অতুল কুলকাৰ্ণীয়ে উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ তদাৰক কৰে। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইফালে, নিহতসকলৰ পৰিচয় নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক বিষয়টো অৱগত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চালকে কেনেকৈ বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱালে সেই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছে। অতিদ্ৰুত গতি, চালকৰ ক্লান্তি, যান্ত্ৰিক বিজুতি অথবা পথৰ অৱস্থা দুৰ্ঘটনাৰ কাৰণ আছিল নেকি, সেয়াও খতিয়ান কৰি চোৱা হৈছে।

উল্লেখ্য যে, শেহতীয়া সময়ছোৱাত মহাৰাষ্ট্ৰত কুঁৱাত বাহন বাগৰি পৰা একাধিক মাৰাত্মক দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত গ্ৰাম্য পথৰ কাষত থকা উন্মুক্ত কুঁৱাসমূহৰ সুৰক্ষা ব্যৱস্থাক লৈও পুনৰ উদ্বেগ প্ৰকাশ পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *